এই ভিডিঅ’টো চাওক আৰু অনুভৱ কৰক, পৃথিৱীখন ঘূৰি থকা অনুভৱ হ’ব আপোনাৰ

News18 Assam | News18-Assam
Updated:January 11, 2020, 12:13 PM IST
এই ভিডিঅ’টো চাওক আৰু অনুভৱ কৰক, পৃথিৱীখন ঘূৰি থকা অনুভৱ হ’ব আপোনাৰ
যদি কেতিয়াবা আপোনাৰ পৃথিৱীখন ঘূৰি থকা অনুভৱ হয় কেনে লাগিব?

যদি কেতিয়াবা আপোনাৰ পৃথিৱীখন ঘূৰি থকা অনুভৱ হয় কেনে লাগিব?

  • Share this:
আমি সকলোৱে জানো যে পৃথিৱীখন ঘূৰি থাকে, কিন্তু কেতিয়াও এই কথা আমি অনুভৱ নকৰো। কাৰণ পৃথিৱীৰ সৈতে আমিও সেই গতিত ঘূৰি থাকো। কিন্তু যদি কেতিয়াবা আপোনাৰ পৃথিৱীখন ঘূৰি থকা অনুভৱ হয় কেনে লাগিব? ছবি প্ৰযোজক অতুল কছবেকাৰে এনেকুৱা এটা ভিডিঅ’ টুইটাৰত শ্বেয়াৰ কৰিছে যিটো ভিডিঅ’ চালে আপুনি পৃথিৱীখন ঘূৰি থকা দেখিবলৈ পাব। অতুল কছবেকাৰে ‘নিৰজা’ আৰু ‘তুমহাৰী ছুলু’ৰ দৰে ছবি প্ৰযোজনা কৰিছে।

এই ভিডিঅ’টো ৯ জানুৱাৰীত পোষ্ট কৰিছে অতুল কছবেকাৰে। ভিডিঅ’টোৰ বিষয়ে তেওঁ লিখিছে যে এই ভিডিঅ’টো এগৰাকী এষ্ট্ৰ’ফটোগ্ৰাফাৰে বনাইছে যিটো চালে আমি পৃথিৱীখন ঘূৰি থকা অনুভৱ হ’ব। ইয়াৰ বাবে ফটোগ্ৰাফাৰজনে ট্ৰেকিং মাউণ্ট নৰ্থ ষ্টাৰৰ দিশত ৰাখিছে আৰু তিনি ঘণ্টালৈ প্ৰতি ১২ ছেকেণ্টৰ মূৰে মূৰে ফটো তুলি থাকিল।

এই প্ৰতিবেদন লিখাৰ সময়লৈ প্ৰায় ১২ লাখ লোকে প্ৰত্যক্ষ কৰিছে এই ভিডিঅ’টো।

NEWS18 অসম ত সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক
পৰৱৰ্তী বাতৰি