উপযুক্ত দৰা বিচাৰি দিয়াত ৯ মাহে ব্যৰ্থ! ছোৱালীঘৰক ঘূৰাই দিবলগীয়া হ’ল ১২ হাজাৰ টকা জৰিমনা সহ ৬২ হাজাৰ টকা

‘দৰা হ’ব লাগিব জাত সম্প্ৰদায়ৰ, নগৰত বাস কৰাৰ লগতে চিকিৎসক হোৱাটো বাঞ্চনীয়’

News18-Assam
Updated:October 19, 2019, 12:59 PM IST
উপযুক্ত দৰা বিচাৰি দিয়াত ৯ মাহে ব্যৰ্থ! ছোৱালীঘৰক ঘূৰাই দিবলগীয়া হ’ল ১২ হাজাৰ টকা জৰিমনা সহ ৬২ হাজাৰ টকা
‘দৰা হ’ব লাগিব জাত সম্প্ৰদায়ৰ, নগৰত বাস কৰাৰ লগতে চিকিৎসক হোৱাটো বাঞ্চনীয়’
News18-Assam
Updated: October 19, 2019, 12:59 PM IST
এটা  ‘Matrimonial Agency’ ৰ ৱেব চাইটত উপযুক্ত দৰা বিচাৰি নাম ৰেজিষ্টাৰ কৰিছিল এগৰাকী চিকিৎসকে। ২০১৭ চনতে এজেন্সীটোক প্ৰায় ৫০ হাজাৰ টকাও দিছিল দৰা বিচাৰি দিয়াৰ কাৰণে। ‘Matrimonial Agency’ টোৰ প্ৰতিশ্ৰুতি আছিল ৯ মাহত ভিতৰত ১৮ জন উপযুক্ত ল’ৰা দেখুৱাব যুৱতীগৰাকীক। চৰ্ত বান্ধি দিলে দৰা হ’ব লাগিব জাত সম্প্ৰদায়ৰ, নগৰত বাস কৰাৰ লগতে চিকিৎসক হোৱাটো বাঞ্চনীয়।’ কিন্তু ইমানখিনি চৰ্ত বান্ধি দিয়াৰ ফলত ল’ৰা দেখুওৱাত ব্যৰ্থ হয় ‘Matrimonial Agency’টো। সময়সীমাও পাৰ হৈ গ’ল। এতিয়া উপায়ন্ত হৈ‘ District Consumer Disputes Redressal Forum’ ত অভিযোগ দিয়ে পৰিয়ালটোৱে।

ঘটনাটো সংঘটিত হৈছে হাৰিয়ানাত। দৰা বিচাৰি দিয়াত ব্যৰ্থ হোৱাৰ পিছত পেছাত চিকিৎসক যুৱতীগৰাকীয়ে এজেন্সীটোক দৰা বিচাৰি দিয়াৰ বাবদ দিয়া ৫০ হাজাৰ টকা ঘূৰাই বিচাৰে। প্ৰথমে ঘূৰাই দিয়াৰ প্ৰতিশ্ৰুতি দিয়ে যদিও বিভিন্ন অজুহাত দেখুৱাই টকা খিনি ঘূৰাই নিদিয়াত আদালতৰ দাৰস্থ হয় পৰিয়ালটো। আদালতে এতিয়া  ‘Matrimonial Agency’ টোক ১২ হাজাৰ টকা জৰিমনা বিহাৰ লগতে সমস্ত ধনৰাশি ঘূৰাই দিবলৈ নিৰ্দেশ দিয়ে।
আৰু চাওক পৰৱৰ্তী বাতৰি