বিহাৰত সংঘটিত হৈছে এক অনাকাংক্ষিত ঘটনা! পৰীক্ষাৰ মাজতে এগৰাকী মহিলাই জন্ম দিয়ে এটা পুত্ৰ সন্তান। মহিলাগৰাকীৰ নাম শান্তি দেৱী। শুকুৰবাৰে বিহাৰৰ এম ডি ডি এম কলেজত মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হৈছিল গৰ্ভৱতী মহিলাগৰাকী। কিন্তু পৰীক্ষাৰ মাজতে মহিলাগৰাকীৰ আৰম্ভ হয় প্ৰসৱ যন্ত্ৰণা।
লগে লগে পৰীক্ষাৰ মাজতে মহিলাগৰাকীক এম্বুলেন্সৰ সহায়ত হাস্পতালত ভৰ্তি কৰোৱা হয়। আৰু বিয়লি ভাগলৈ মহিলাগৰাকীয়ে এটি পুত্ৰ সন্তান জন্ম দিয়ে। ইয়াৰ পিছতে মহিলাগৰাকীৰ স্বামী বিৰ্জু চাহনীয়ে সন্তানৰ নাম ৰাখে 'পৰীক্ষা'। বৰ্তমান মাতৃ আৰু সন্তান দুয়ো সুস্থ অৱস্থাতে আছে।