পৰীক্ষাৰ মাজতে পত্নীয়ে জন্ম দিলে সন্তান, স্বামীয়ে পুত্ৰৰ নাম ৰাখিলে 'পৰীক্ষা'

News18 Assam | News18-Assam
Updated:February 20, 2021, 10:23 AM IST
পৰীক্ষাৰ মাজতে পত্নীয়ে জন্ম দিলে সন্তান, স্বামীয়ে পুত্ৰৰ নাম ৰাখিলে 'পৰীক্ষা'
মহিলাগৰাকীৰ নাম শান্তি দেৱী। শুকুৰবাৰে বিহাৰৰ এম ডি ডি এম কলেজত মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হৈছিল গৰ্ভৱতী মহিলাগৰাকী।

মহিলাগৰাকীৰ নাম শান্তি দেৱী। শুকুৰবাৰে বিহাৰৰ এম ডি ডি এম কলেজত মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হৈছিল গৰ্ভৱতী মহিলাগৰাকী।

  • News18 Assam
  • Last Updated: February 20, 2021, 10:23 AM IST
  • Share this:
বিহাৰত সংঘটিত হৈছে এক অনাকাংক্ষিত ঘটনা! পৰীক্ষাৰ মাজতে এগৰাকী মহিলাই জন্ম দিয়ে এটা পুত্ৰ সন্তান। মহিলাগৰাকীৰ নাম শান্তি দেৱী। শুকুৰবাৰে বিহাৰৰ এম ডি ডি এম কলেজত মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হৈছিল গৰ্ভৱতী মহিলাগৰাকী। কিন্তু পৰীক্ষাৰ মাজতে মহিলাগৰাকীৰ আৰম্ভ হয় প্ৰসৱ যন্ত্ৰণা।

লগে লগে পৰীক্ষাৰ মাজতে মহিলাগৰাকীক এম্বুলেন্সৰ সহায়ত হাস্পতালত ভৰ্তি কৰোৱা হয়। আৰু বিয়লি ভাগলৈ মহিলাগৰাকীয়ে এটি পুত্ৰ সন্তান জন্ম দিয়ে। ইয়াৰ পিছতে মহিলাগৰাকীৰ স্বামী বিৰ্জু চাহনীয়ে সন্তানৰ নাম ৰাখে 'পৰীক্ষা'। বৰ্তমান মাতৃ আৰু সন্তান দুয়ো সুস্থ অৱস্থাতে আছে।

ইফালে শান্তিয়ে কোৱা মতে, তেওঁ এতিয়াও পঢ়া-শুনা কৰিব বিচাৰে। শনিবাৰে এম্বলেন্সতে কলেজলৈ আহি পৰীক্ষাত বহিব নতুন মাতৃগৰাকী। শান্তি দেৱীয়ে লগতে কয় যে, শুকুৰবাৰে লেবাৰ পেইন আৰম্ভ হোৱাৰ পূৰ্বে তেওঁ অবজেক্টিভ টাইপ সকলো প্ৰশ্নৰ উত্তৰ কৰিবলৈ সক্ষম হৈছিল। লগতে পৰীক্ষাৰ বহিও হাস্পতাললৈ অহাৰ পূৰ্বে পৰীক্ষকৰ হাতত জমা দি থৈ আহিছিল।
Published by: Himangshu Bhuyan
First published: February 20, 2021, 10:23 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি