News18 AssamNews18 Assam
|
News18-Assam Updated:February 17, 2021, 3:52 PM IST
আজি পৰ্যন্ত কোনো মহিলাৰ হোৱা নাই ফাঁচী-
আজি পৰ্যন্ত কোনো মহিলাৰ হোৱা নাই ফাঁচী-
স্বাধীন ভাৰতৰ ইতিহাসত প্ৰথমবাৰলৈ ফাঁচী কাঠত ওলমিব এগৰাকী মহিলা। উত্তৰ প্ৰদেশৰ মথুৰাৰ আমৰোহাৰ চবনম নামৰ এগৰাকী মহিলাক মৃত্যুদণ্ড দিয়া হৈছে। ইয়াৰ বাবে এতিয়া আৰম্ভ হৈছে প্ৰস্তুতি। নিৰ্ভয়া কাণ্ডৰ দোষীক ফাঁচী দিয়া পৱন জল্লাদে শেহতীয়াকৈ ফাঁচিঘৰ নিৰীক্ষণ কৰে। কিন্তু এতিয়ালৈকে ঘোষণা কৰা হোৱা নাই ফাঁচীৰ তাৰিখ।
আমৰোহাত বাস কৰা চবনমে ২০০৮ চনত প্ৰমিকৰ সৈতে লগ লাগি পৰিয়ালৰ ৭ জন লোকক কুঠাৰেৰে কাটি নৃশংস ভাবে হত্যা কৰিছিল। এই গোচৰত উচ্চতম ন্যায়ালয়ে চবনমক ফাঁচি দিয়াৰ নিৰ্দেশ দিছিল। ৰাষ্ট্ৰপতিয়ে নাকচ কৰিছিল চবনমৰ ক্ষমা আবেদন।
আজি পৰ্যন্ত কোনো মহিলাৰ হোৱা নাই ফাঁচী-মথুৰৰ জে'লত ১৫০ বছৰ পূৰ্বে মহিলাৰ বাবে এটা ফাঁচীঘৰ নিৰ্মাণ কৰা হৈছিল। কিন্তু স্বাধীনতাৰৰ পিছত আজি পৰ্যন্ত কোনো মহিলাকে দিয়া নাই ফাঁচীৰ শাস্তি। জেলৰ অধীক্ষক শৈলেন্দ্ৰ কুমাৰ মৈত্ৰই কোৱা মতে, এতিয়া লৈকে ফাঁচীৰ তাৰিখ ঘোষণা কৰা হোৱা নাই। কিন্তু আৰম্ভ কৰা হৈছে প্ৰস্তুতি। ডেথ ৱাৰেণ্ট জাৰি কৰাৰ পিছতে চবনমক দিয়া হ'ব ফাঁচি।