• Home
  • »
  • News
  • »
  • nation
  • »
  • মাতৃৰ মৃত্যুৰ খবৰেও বিচলিত কৰিব নোৱাৰিলে! ১৫গৰাকী কোভিড ৰোগীক লৈ চিকিৎসালয় পালেগৈ এম্বুলেন্স চালক

মাতৃৰ মৃত্যুৰ খবৰেও বিচলিত কৰিব নোৱাৰিলে! ১৫গৰাকী কোভিড ৰোগীক লৈ চিকিৎসালয় পালেগৈ এম্বুলেন্স চালক

বিগত বৰ্ষত কোভিডৰ বাবে পিতৃক হেৰুওৱা প্ৰভাতক এইবাৰ মাতৃৰ মৃত্যুৰ খবৰে বিচলিত কৰা নাছিল । মাতৃৰ বিয়গৰ খাবৰ পাইয়ো কোভিড ৰোগীৰ কথা চিন?

বিগত বৰ্ষত কোভিডৰ বাবে পিতৃক হেৰুওৱা প্ৰভাতক এইবাৰ মাতৃৰ মৃত্যুৰ খবৰে বিচলিত কৰা নাছিল । মাতৃৰ বিয়গৰ খাবৰ পাইয়ো কোভিড ৰোগীৰ কথা চিন?

বিগত বৰ্ষত কোভিডৰ বাবে পিতৃক হেৰুওৱা প্ৰভাতক এইবাৰ মাতৃৰ মৃত্যুৰ খবৰে বিচলিত কৰা নাছিল । মাতৃৰ বিয়গৰ খাবৰ পাইয়ো কোভিড ৰোগীৰ কথা চিন?

  • Share this:
কোৰোণাৰ এনে সংকটকালত দিন ৰাতি একাকাৰ কৰিছে ফ্ৰণ্টলাইন কৰ্মীসকলে। নিজৰ ব্যক্তিগত জীৱনত একাশৰীয়া কৰি ২৪ ঘণ্টাই ৰোগীৰ সেৱাত ব্যস্ত হৈ পৰিছে চিকিৎসক, স্বাস্থ্যকৰ্মীসকল। এনে সমতে মথুৰাৰ পৰা আহিছে এক দুখজনক খবৰ। কৰ্তব্যৰত এগৰাকী এম্বুলেন্স চালকে মাতৃৰ মৃত্যুৰ খবৰ লাভ কৰাৰ পিছতো ব্যস্ত হৈ থাকিবলগীয়া হয় কোভিড ৰোগীক চিকিৎসালয়লৈ নিয়াৰ কামত ।

বিগত বৰ্ষৰ জুলাইত কোভিডত পিতৃক হেৰুওৱা মথুৰাৰ প্ৰভাত যাদৱ নামৰ এম্বুলেন্স চালকজনে ৰোগীক হাস্পতাললৈ লৈ যোৱাৰ সময়তে ফোনযোগে মাতৃৰ মৃত্যুৰ বাতৰি লাভ কৰে। কিন্তু ইয়াৰ পিছতো ১৫গৰাকী কোভিড ৰোগীকলৈ হাস্পতালত উপস্থিত হয়গৈ প্ৰভাত যাদৱ।

এই সম্পৰ্কত যাদৱে টাইমছ অৱ ইণ্ডিয়াক কৈছিল এনেদৰে, "এই খবৰে মোক জোকাৰি গৈছিল, কিন্তু মই নিজকে নিয়ন্ত্ৰণ কৰিছিলো আৰু কামত আগবাঢ়িছিলো। মই যি কৰি আছিলো তাক এৰিব নোৱাৰিলো। কিয়নো আমি কৰা কামটো অতি গুৰুত্বপূৰ্ণ।"

নিজৰ ডিউটি শেষ হোৱাৰ পিছত যাদৱে কৰ্মস্থলীৰ পৰা ২০০ কিলোমিটাৰ দূৰৈত থকা মৈনপুৰীৰ নিজগৃহত উপস্থিত হৈ মাতৃৰ অন্তোষ্টিক্ৰিয়া সম্পন্ন কৰে আৰু পিছদিনা পুনৰ কামলৈ উভতি আহে।

উল্লেখ্য যে, প্ৰায় ৯ বছৰ ধৰি ১০৮ খন এম্বুলেন্স চলাই থকা যাদৱক বিগত বছৰ মাৰ্চত কোভিড ডিউটিৰ বাবে বাছনি কৰা হৈছিল। অৱশ্যে বিগত বছৰৰ শেষৰ ফালে কোভিড ৰোগীৰ সংখ্য়া হ্ৰাস হোৱাৰ পিছত তেওঁ এই কামৰ পৰা সকাহ পাইছিল। কিন্তু পুনৰ দ্বিতীয় ঢৌ আৰম্ভ হোৱাত যাদৱ পুনৰ মানৱ সেৱাত বৰ্তি হ'বলগীয়া হয়।
Published by:Himangshu Bhuyan
First published: