মুখ্যপৃষ্ঠা »খবৰ »দেশ »প্ৰচণ্ড গুলীয়াগুলিৰ অন্তত জালত পৰিল ভাল্টে, কাজিৰঙাৰ গঁড় হত্যাৰ মাষ্টাৰমাইণ্ড ভাল্টেৰ কাহিনী শুনিলে তবধ মানিব আপুনি

প্ৰচণ্ড গুলীয়াগুলিৰ অন্তত জালত পৰিল ভাল্টে, কাজিৰঙাৰ গঁড় হত্যাৰ মাষ্টাৰমাইণ্ড ভাল্টেৰ কাহিনী শুনিলে তবধ মানিব আপুনি

পূৰ্বতে কাৰ্বি আংলঙৰ মাঞ্জাত এখন চাহৰ দোকান দি পৰিয়াল পোহপাল দিয়া চিঞ্জাচান ভাল্টে ২০১০ চনৰ পৰা গঁড় হত্যাত জড়িত হৈ পৰে৷

পূৰ্বতে কাৰ্বি আংলঙৰ মাঞ্জাত এখন চাহৰ দোকান দি পৰিয়াল পোহপাল দিয়া চিঞ্জাচান ভাল্টে ২০১০ চনৰ পৰা গঁড় হত্যাত জড়িত হৈ পৰে৷

পূৰ্বতে কাৰ্বি আংলঙৰ মাঞ্জাত এখন চাহৰ দোকান দি পৰিয়াল পোহপাল দিয়া চিঞ্জাচান ভাল্টে ২০১০ চনৰ পৰা গঁড় হত্যাত জড়িত হৈ পৰে৷

  • Share this:
কাজিৰঙাৰ গঁড় হত্যাত জড়িত মণিপুৰী উগ্ৰপন্থী সংগঠন জে আৰ ডি এ৷ বিগত ১০ বছৰ ধৰি সংগঠনটোৱে গঁড় হত্যাৰ বাবে গঁড় হত্যাকাৰীক ধন, অস্ত্ৰ সকলো যোগান ধৰি আহিছে৷ কাজিৰঙাৰ গঁড় হত্যাত জড়িত মাষ্টাৰমাইণ্ড চিঞ্জাচিন ভাল্টেক গ্ৰেপ্তাৰৰ পিছতেই পোহৰলৈ আহিছে এই তথ্য৷

মণিপুৰত চোৰাংচিকাৰীৰ বিৰুদ্ধে দুঃসাহসিক অভিযান চলালে অসম আৰক্ষীয়ে৷ চোৰাং চিকাৰীৰ বিৰুদ্ধে চলোৱা অভিযানৰ নেতৃত্ব লৈছিল অসম আৰক্ষীৰ হৈ গোলাঘাটৰ আৰক্ষী অধীক্ষক পৃথ্বীপাল সিঙে৷ সহযোগ কৰিছিল বোকাখাতৰ আৰক্ষী থানাৰ আৰক্ষী বিষয়া দিব্যজ্যোতি দত্ত, যান–বাহন শাখাৰ আৰক্ষী নিতুল ফুকনসহ আৰক্ষীৰ এটা দলে৷

বোকাখাতৰ মহকুমা আৰক্ষী বিষয়া পৃথ্বীৰাজ ৰাজখোৱাৰ পৰিকল্পনাত ভাৰতীয় আৰক্ষীৰ ইতিহাসত প্ৰথমবাৰৰ বাবে মণিপুৰৰ চূড়াচান্দপুৰ জিলাৰ বংমুৱল গাঁৱত মণিপুৰ আৰক্ষীৰ সহযোগত ভীষণ গুলীয়াগুলিৰ মাজত চলোৱা অভিযানত জালত পৰে গঁড় হত্যাৰ মাষ্টাৰমাইণ্ড  ভাল্টে৷

বিগত ৯ মে'ত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অগৰাতলী বনাঞ্চলত চোৰাং চিকাৰীৰ হাতত নিহত হোৱা গঁড়টোৰ সম্পৰ্কত বোকাখাত আৰক্ষী থানাত ১৩১/ ২০ নম্বৰৰ এটা গোচৰ ৰুজু হৈ আছিল৷ সেই গোচৰৰ ভিত্তিত কিছুদিন পূৰ্বে কাৰ্বি আংলঙত আৰক্ষীৰ লগত হোৱা সংঘৰ্ষত এটা চিকাৰীৰ মৃত্যু হোৱাৰ লগতে ৫টা চিকাৰীক আৰক্ষীয়ে আটক কৰিছিল৷ সেই চিকাৰীকেইটাৰ তথ্যৰ ভিত্তিতে অসম আৰক্ষীয়ে চূড়াচান্দপুৰত দুঃসাহসিক অভিযান চলাইছিল৷ এই অভিযানত জালত পৰিল ভাল্টে।

পূৰ্বতে কাৰ্বি আংলঙৰ মাঞ্জাত এখন চাহৰ দোকান দি পৰিয়াল পোহপাল দিয়া চিঞ্জাচান ভাল্টে ২০১০ চনৰ পৰা গঁড় হত্যাত জড়িত হৈ পৰে৷ পিছত ভাল্টেই মণিপুৰলৈ গুচি যায় আৰু জে আৰ ডি এ  নামৰ উগ্ৰপন্থী সংগঠনৰ সহযোগত কাজিৰঙাত গঁড় হত্যা কৰাৰ বাবে চুংপো নামৰ এটা চিকাৰীৰ গোট গঠন কৰি গঁড় হত্যাত জড়িত হৈ অগাধ সম্পত্তিৰ মালিক হৈ পৰে৷

ভাল্টেক উগ্ৰপন্থী গোটৰ সদস্যই সকলো সময়তে সশস্ত্ৰ নিৰাপত্তা দি থাকে৷ ভাল্টেই কাজিৰঙাত গঁড় হত্যাৰ পূৰ্ণ পৰিকল্পনা কৰাৰ লগতে বন্দুক, নগদ ধনসহ চিকাৰীক কাজিৰঙালৈ প্ৰেৰণ কৰে৷ চিকাৰীয়ে গঁড় হত্যা কৰি সুকলমে মণিপুৰত উপস্থিত হ’লে নিৰ্ধাৰিত টকা দি খড়্গ আৰু বন্দুক ভাল্টেই লৈ লয়৷

যদিহে চিকাৰীটো বনৰক্ষী বা আৰক্ষীৰ হাতত ধৰা পৰে তেতিয়া চিকাৰীটোক জামিনত মুকলি কৰা আৰু জে’লত থকাৰ সময়ত চিকাৰীটোৰ পৰিয়ালক পোহপালৰ দ্বায়িত্বও ভাল্টেই লয়৷ চিকাৰীৰ মৃত্যু হ’লেও পৰিয়ালৰ দ্বায়িত্ব ভাল্টেই লয়৷ বোকাখাত আৰক্ষীক দিয়া স্বীকাৰোক্তিত ভাল্টেই প্ৰতিকেজি খৰ্গৰ মূল্য ভাৰতীয় বজাৰত ৬৫ লাখ বুলি কোৱাৰ লগতে আন্তঃৰাষ্টীয় বজাৰত প্ৰতিকেজিৰ মূল্য ১ কোটি ৮০ লাখ টকালৈকে হয় বুলিও কয়৷

গঁড় খৰ্গ বিক্ৰী কৰাৰো সকলো কাম কৰে চিঞ্জাচান ভাল্টেই৷ ভাল্টেক নিৰাপত্তা আৰু বন্দুক যোগানৰ বাবে উগ্ৰপন্থী সংগঠনটোকো প্ৰতিটো খৰ্গৰ বিনিময়ত টকা আদায় দিব লাগে৷ অৱশ্যে খৰ্গটো কি কামত ব্যৱহাৰ হয় সেই বিষয়ে অজ্ঞ বুলি ভাল্টেই আৰক্ষীক জনাইছে৷ আৰক্ষীয়ে ভাল্টেক ৪ দিনৰ জিম্মাত লৈ সোধা–পোছা অব্যাহত ৰাখিছে৷

২০১৭ চনত বাইহাটা চাৰিআলিত সংঘটিত পথ দুৰ্ঘটনাত ৩জন লোকৰ মৃত্যু হৈছিল আৰু গাড়ীখনৰ পৰা খৰ্গ আৰু এ কে–৪৭ বন্দুক উদ্ধাৰ হৈছিল৷ কাজিৰঙাৰ উত্তৰ দিশে গঁড় হত্যা কৰি উভতি যোৱা সেই দলটেকো ভাল্টেই প্ৰেৰণ কৰিছিল৷

শেহতীয়া বাতৰি