মণিপুৰত অবিৰত বৰষুণৰ মাজতে ২৯ জুনৰ মাজনিশা নোনী জিলাত সংঘটিত হয় প্ৰচণ্ড ভূমিস্খলন। লাভ কৰা তথ্য অনুসৰি, জিৰিবামৰ পৰা ইম্ফললৈ নির্মাণ কৰি থকা ৰে’লপথ সুৰক্ষিত কৰিবলৈ ৰাজ্যখনৰ নোনী জিলাৰ টুপুল ৰে’লৱে ষ্টেচনৰ সমীপত নিয়োজিত ভাৰতীয় সেনাৰ ১০৭ টেৰিটৰিয়েল আৰ্মী কোম্পানীটোৰ অৱস্থানত ভূমিস্খলন হয়৷ দুৰ্ঘটনাৰ পিছত বহু লোক মাটিৰ তলত পোত খাই যায়। ঘটনাত দুজন লোক নিহত হয় আৰু ২০জনৰো অধিক লোক সন্ধানহীন অৱস্থাত আছে (Massive landslide in Manipur)।
এই পৰ্যন্ত উদ্ধাৰ হৈছে ১৩ জন লোক
ভাৰতীয় সেনা আৰু আছাম ৰাইফলছৰ দলে পূৰ্ণ শক্তিৰে উদ্ধাৰ অভিযান চলাই আছে। বৃহস্পতিবাৰে পুৱা ৫.৩০ বজালৈকে ভূমিস্খলনৰ ফলত আবদ্ধ হৈ থকা ১৩ জন লোকক উদ্ধাৰ কৰা হৈছে। আহতসকলক নোনী আৰ্মী মেডিকেল ইউনিটত চিকিৎসাধীন হৈ আছে।