নয়দাত ভয়ংকৰ অগ্নিকাণ্ড, জীৱন্তে অগ্নিদগ্ধ হৈ দুটি শিশুৰ মৃত্যু, উদ্ধাৰ অভিযান অব্যাহত

News18 Assam | News18-Assam
Updated:April 11, 2021, 5:27 PM IST
নয়দাত ভয়ংকৰ অগ্নিকাণ্ড, জীৱন্তে অগ্নিদগ্ধ হৈ দুটি শিশুৰ মৃত্যু, উদ্ধাৰ অভিযান অব্যাহত
এই অগ্নিকাণ্ডৰ ফলত ডজনতকৈ অধিক শিশুসহ মহিলা আবদ্ধ হৈ থকাৰ আশংকা কৰা হৈছে।

এই অগ্নিকাণ্ডৰ ফলত ডজনতকৈ অধিক শিশুসহ মহিলা আবদ্ধ হৈ থকাৰ আশংকা কৰা হৈছে।

  • Share this:
নয়দাৰ ছেক্টৰ ৬৩স্থিত বহলোলপুৰৰ বস্তি অঞ্চলত দেওবাৰে সংঘটিত হয় এখ ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। ফলত অঞ্চলতটোত এক আতংকময় পৰিৱেশে বিৰাজ কৰে। ঘটনাৰ খবৰ পোৱাৰ লগে লগে অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হৈ জুই নিৰ্বাপনৰ চেষ্টা চলায়। এতিয়াও সম্পূৰ্ণৰূপে নিৰ্বাপিত হোৱা নাই জুই।

এই অগ্নিকাণ্ডৰ ফলত ডজনতকৈ অধিক শিশুসহ মহিলা আবদ্ধ হৈ থকাৰ আশংকা কৰা হৈছে। এতিয়ালৈ উদ্ধাৰকাৰী দলে দুটি শিশুৰ মৃতদেহ উদ্ধাৰ কৰিছে। মৃতদেহ দুটা মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে। লগতে অগ্নিকাণ্ডৰ কাৰণ এতিয়ালৈ জানিব পৰা হোৱা নাই। জানিব পৰা মতে, ২০ বিঘাজোৰা অঞ্চলটোত ১৫০টাতকৈও অধিক জুপুৰী আছে।
Published by: Sanjay Kumar Das
First published: April 11, 2021, 5:27 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি