পত্নী–পুত্ৰক ফেনত ওলমাই নিজেও ল’লে চিপ, নাবালিকা কন্যাই বচালে পিতৃক

পৰিয়ালটোৱে ৫ লাখ টকাৰ ঋণ লৈছিল যদিও পৰিশোধ কৰিব পৰা নাছিল। যাৰ বাবে ৪৩ বছৰীয়া পিতৃয়ে ১২ বছৰীয়া পুত্ৰ আৰু পত্নীৰ সৈতে চিপ লৈ আত্মহত্যাৰ চেষ্টা চলায়।

news18assam
Updated:June 3, 2019, 10:16 AM IST
পত্নী–পুত্ৰক ফেনত ওলমাই নিজেও ল’লে চিপ, নাবালিকা কন্যাই বচালে পিতৃক
পৰিয়ালটোৱে ৫ লাখ টকাৰ ঋণ লৈছিল যদিও পৰিশোধ কৰিব পৰা নাছিল। যাৰ বাবে ৪৩ বছৰীয়া পিতৃয়ে ১২ বছৰীয়া পুত্ৰ আৰু পত্নীৰ সৈতে চিপ লৈ আত্মহত্যাৰ চেষ্টা চলায়।
news18assam
Updated: June 3, 2019, 10:16 AM IST
কৰ্ণাটকৰ ৰাজধানী বেংগালুৰুত ঋণৰ বোজা সহিব নোৱাৰি আত্মহত্যাৰ চেষ্টা চলালে এটা পৰিয়ালে। এই ঘটনাৰ ভিডিঅ’ও ভাইৰেল হৈছে। জানিব পৰা মতে, পৰিয়ালটোৱে ৫ লাখ টকাৰ ঋণ লৈছিল যদিও পৰিশোধ কৰিব পৰা নাছিল। যাৰ বাবে ৪৩ বছৰীয়া পিতৃয়ে ১২ বছৰীয়া পুত্ৰ আৰু পত্নীৰ সৈতে চিপ লৈ আত্মহত্যাৰ চেষ্টা চলায়। পত্নী–পুত্ৰৰ মৃত্যু হয় যদিও জীৱন ৰক্ষা পৰে লোকজনৰ।

CNN News18ৰ ৰিপ’ৰ্ট অনুসৰি, পিতৃয়ে ১২ বছৰীয়া পুত্ৰক চিলিং ফেনত চিপ লগাই দিয়াত কিছু সময় পিছতে মৃত্যু হয় পুত্ৰৰ। তাৰ পিছতে লোকজনে পত্নীকো হত্যা কৰে একেদৰে। এই সমগ্ৰ ঘটনা ম’বাইলত বন্দী কৰে পৰিয়ালটোৰ নাবালিকা কন্যাই।

চকুৰ সন্মুখতে ছটফটাই মাতৃ আৰু ভাতৃৰ মৃত্যু হোৱা দেখি পিতৃক চিপ নল’বলৈ অনুৰোধ জনাই নাবালিকা কন্যাই। যাৰ ফলত জীৱন ৰক্ষা পৰে লোকজনৰ। এই ঘটনাৰ পিছতে আৰক্ষীয়ে আটক কৰিছে লোকজনক।

 
আৰু চাওক পৰৱৰ্তী বাতৰি