• Home
  • »
  • News
  • »
  • nation
  • »
  • Nagaland Protest : নাগালেণ্ডৰ ৰাজধানী চহৰ ক’হিমাৰ ৰাজপথত বৃহৎ প্ৰতিবাদী কাৰ্যসূচী, AFSPA বাতিলৰ দাবী

Nagaland Protest : নাগালেণ্ডৰ ৰাজধানী চহৰ ক’হিমাৰ ৰাজপথত বৃহৎ প্ৰতিবাদী কাৰ্যসূচী, AFSPA বাতিলৰ দাবী

পুৰনা বিধায়ক ভৱনৰ সন্মুখত কৰা এই এই প্ৰতিবাদত আংগামী, কন্যাক, লথা, চাখেচাং, জিলিয়াং, জনগোষ্ঠীৰ নেতাৰ লগতে বিভিন্ন নাগা ছাত্ৰ সংগঠনৰ নেতৃত্বই ভাষণ দিয়ে।

  • Share this:
মন জিলাৰ বৰ্বৰতাৰ বিৰুদ্ধে নাগালেণ্ডত (Nagaland) প্ৰতিবাদ অব্যাহত আছে। সোমবাৰে সন্ধিয়া নাগালেণ্ডৰ ৰাজধানী চহৰ ক’হিমাৰ (Kohima) ৰাজপথত বৃহৎ প্ৰতিবাদী কাৰ্যসূচী পালন কৰে আংগামী পাব্লিক অৰ্গেনাজেচনে। আংগামী পাব্লিক অৰ্গেনাজেচনে আহ্বান জনোৱা প্ৰতিবাদী কাৰ্যসূচীত বিভিন্ন জনগোষ্ঠীৰ প্ৰায় দুই হাজাৰ পুৰুষ. মহিলা, যুৱক, যুৱতীয়ে অংশ লয়।

পুৰনা বিধায়ক ভৱনৰ সন্মুখত কৰা এই এই প্ৰতিবাদত আংগামী, কন্যাক, লথা, চাখেচাং, জিলিয়াং, জনগোষ্ঠীৰ নেতাৰ লগতে বিভিন্ন নাগা ছাত্ৰ সংগঠনৰ নেতৃত্বই ভাষণ দিয়ে। ভাষণত সকলোৱে উত্তৰ–পূৰ্বাঞ্চলত বাহাল থকা AFSPA নামৰ ক’লা আইনখন বাতিলৰ দাবী জনায়।

প্ৰতিবাদী সভাতে কেন্দ্ৰীয় চৰকাৰকো সমালোচনা কৰে নেতৃবৃন্দই। তাৰ পিছতে মম জ্বলাই মৃতকৰ সদগতি কামনা কৰে আৰু প্ৰাৰ্থনা অনুষ্ঠিত কৰে। প্ৰতিবাদী সভাত নেফিউ ৰিঅ’ নেতৃত্বাধীন শাসকীয় এনডিপিপি দলৰ যুৱ বিধায়ক মেডো ইয়াখোয়েও অংশ লৈ ক’লা আইনখন বাতিলৰ জোৰদাৰ দাবী উত্থাপন কৰে।

Read all News in Assamese, Assam News Today, Entertainment News in Assamese, Business News in Assamese, Sports News in Assamese, Health News in Assamese, India News in Assamese
Published by:Sanjay Kumar Das
First published: