কিংবদন্তি বক্সাৰ মেৰী কম (Mary Kom)ৰ স্বামী কে অনখোলাৰে শনিবাৰে মণিপুৰ বিধানসভা নিৰ্বাচনত প্ৰাৰ্থীৰূপে অংশ লোৱাৰ কথা ঘোষণা কৰিছে। তেওঁ ৰাজ্যখনৰ চাইকোট বিধানসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব।
তথ্য অনুসৰি, তেওঁ সমষ্টিটোৰ জ্যেষ্ঠ কংগ্ৰেছ নেতা তথা বৰ্তমানৰ বিধায়ক টি এন হাওকিপৰ বিৰুদ্ধে পোনপটীয়া যুঁজ দিব। তেওঁ অৱশ্যে এতিয়ালৈকে কোনো ৰাজনৈতিক দলত যোগদান কৰা নাই। তেওঁ যিকোনো দলত যোগদান কৰিব পাৰে বা আনকি নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিব পাৰে বুলি অৱগত কৰি তেওঁ সমষ্টিটোৰ জনসাধাৰণক তেওঁক ব্যক্তিত্বৰ দ্বাৰা বিচাৰ কৰিবলৈ আহ্বান জনায়, তেওঁ যোগদান কৰিব পৰা ৰাজনৈতিক দলৰ দ্বাৰা নহয়।
কে অনখোলাৰ (K Onkholer)এ চুৰাচান্দপুৰ জিলাৰ চামুলাম্লান গাঁৱত আজি অনুষ্ঠিত এখন সভাত আনুষ্ঠানিকভাৱে এই কথা ঘোষণা কৰে। সভাখনত গিৰ্জাৰ যাজক, সমাজকৰ্মী, গাঁওবুঢ়া সমন্বিতে বহুকেইগৰাকী লোক উপস্থিত আছিল।
অনুষ্ঠানত ভাষণ দি অনখোলাৰে কয় যে তেওঁৰ সমষ্টিৰ জনসাধাৰণৰ কল্যাণৰ বাবে গ্ৰহণ কৰিব লগা বিভিন্ন উন্নয়নমূলক কাৰ্যকলাপৰ প্ৰয়োজনীয়তা বিবেচনা কৰি তেওঁ ৰাজনীতিৰ পৃথিৱীত ভৰি দিছে। কিয়নো বৰ্তমান সমষ্টিটোত উন্নয়নৰ ক্ষেত্ৰত বিভিন্ন ত্ৰুটি দেখা গৈছে। তেওঁ লগতে কয় যে এই সিদ্ধান্ত পত্নী মেৰী কমৰ সৈতে পুংখানুপুংখভাৱে আলোচনা কৰাৰ পিছত লয়। উল্লেখ্য, বক্সাৰ মেৰী কমে বৰ্তমান ৰাজ্যসভাৰ সাংসদ ৰূপে ৰাজনৈতিক জীৱন যাপন কৰিছে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|