মুখ্যপৃষ্ঠা »খবৰ »দেশ »Tokyo Olympic: ভাৰতীয় দলৰ হৈ ত্ৰিৰংগা বহন কৰিব মেৰী কম আৰু মনপ্ৰীত সিঙে

Tokyo Olympic: ভাৰতীয় দলৰ হৈ ত্ৰিৰংগা বহন কৰিব মেৰী কম আৰু মনপ্ৰীত সিঙে

 ৮ মে'ত ইটালীৰ পৰা স্বদেশত আহি উপস্থিত হ'বলগীয়া মেৰী কমে পৰৱৰ্তী ৮ দিন নতুন দিল্লীতে অনুশীলন চলাই তাৰ পৰা উৰা মাৰিব জাপানৰ ৰাজধানী চহৰ টকিঅ' অভিমুখে।

৮ মে'ত ইটালীৰ পৰা স্বদেশত আহি উপস্থিত হ'বলগীয়া মেৰী কমে পৰৱৰ্তী ৮ দিন নতুন দিল্লীতে অনুশীলন চলাই তাৰ পৰা উৰা মাৰিব জাপানৰ ৰাজধানী চহৰ টকিঅ' অভিমুখে।

৮ মে'ত ইটালীৰ পৰা স্বদেশত আহি উপস্থিত হ'বলগীয়া মেৰী কমে পৰৱৰ্তী ৮ দিন নতুন দিল্লীতে অনুশীলন চলাই তাৰ পৰা উৰা মাৰিব জাপানৰ ৰাজধানী চহৰ টকিঅ' অভিমুখে।

  • Share this:

আৰু ১৬ দিন পিছত টকিঅ'ত আৰম্ভ হ'ব অলিম্পিক গেমছ। বিশ্ব ক্ৰীড়াৰ সৰ্বশ্ৰেষ্ঠ মহাসমৰ "অলিম্পিক গেমছ"ত ভাৰতীয় দলৰ পতাকা বহন কৰিব ছবাৰৰ বিশ্ব চেম্পিয়ন মাংটে চুংনেজাং মেৰী কম আৰু ভাৰতীয় পুৰুষ হকী দলৰ অধিনায়ক মনপ্ৰীত সিং সান্ধুৱে। উল্লেখযোগ্য যে ২০১২ চনৰ লন্ডন অলিম্পিক গেমছত ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰি ব্ৰঞ্জৰ পদক অৰ্জন কৰিছিল মেৰী কমে। মেৰী কম আৰু মনপ্ৰীত সিং সান্ধুক দিয়া গুৰু দায়িত্বৰ কথা সংবাদ মাধ্যমক জনাই ভাৰতীয় অলিম্পিক সন্থাৰ মুৰব্বী নৰেন্দ্ৰ বাট্ৰাই।


ছয়বাৰৰ বিশ্ব চেম্পিয়ন মেৰী কমে টকিঅ' অলিম্পিকত স্বৰ্ণপদকৰ বাবে যথেষ্ট আশা কৰি সম্প্ৰতি ইটালীৰ ৰাজধানী ৰোমত অনুশীলন চলাই আছে‌। মেৰী কম হ'ল পদ্মভূষণ, পদ্ম বিভূষণ, ৰাজীৱ গান্ধী খেল ৰত্ন আৰু অৰ্জুন বঁটা বিজয়ী বক্সাৰ। ৮ মে'ত ইটালীৰ পৰা স্বদেশত আহি উপস্থিত হ'বলগীয়া মেৰী কমে পৰৱৰ্তী ৮ দিন নতুন দিল্লীতে অনুশীলন চলাই তাৰ পৰা উৰা মাৰিব জাপানৰ ৰাজধানী চহৰ টকিঅ' অভিমুখে। বিশ্ব শ্ৰেষ্ঠ তাৰকা বক্সাৰ মেৰী কমৰ বাবে এইবাৰৰ অলিম্পিক গেমছ হ'ব অন্তিম গেমছ। সেয়ে মেৰী কমক লৈ প্ৰতিজন ভাৰতীয়ই আশাৰে বাট চাইছে।


অলিম্পিক গেমছৰ উদ্বোধনী সমাৰোহত ভাৰতীয় পতাকা বহন কৰিবলগীয়া আনগৰাকী খেলুৱৈ ভাৰতীয় পুৰুষ হকী দলৰ অধিনায়ক মনপ্ৰীত সিং। পাঞ্জাবৰ জলন্ধৰত জন্মলাভ কৰা ২৮ বছৰীয়া মনপ্ৰীত সিং সান্ধুৱে ২০১১ চনৰ পৰা ২৪২খন খেলত ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰিছে। ২০১২ চনৰ লন্ডন অলিম্পিক আৰু ২০১৬ চনৰ ৰিঅ' অলিম্পিক গেমছত ভাৰতীয় পুৰুষ হকী দলক প্ৰতিনিধিত্ব কৰা মনপ্ৰীত সিং সান্ধুৱে ২০১৭ চনৰ পৰা জাতীয় ছিনিয়ৰ দলক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত নেতৃত্ব দি আহিছে। ছিনিয়ৰ আৰু অভিজ্ঞ খেলুৱৈ বাবেই ভাৰতীয় অলিম্পিক সন্থাই এম চি মেৰী কম আৰু মনপ্ৰীত সিং সান্ধুক অলিম্পিক গেমছৰ উদ্ৱোধনী সমাৰোহত মাৰ্চ পাচত ভাৰতীয় দলৰ পতাকা বহনৰ দায়িত্ব অৰ্পণ কৰে।

শেহতীয়া বাতৰি