বিৰল সন্মান! পদ্মবিভূষণ লাভ কৰা প্ৰথম মহিলা এথলীট হ’ব উত্তৰ পূৱৰ মেৰীকম!
News18 Updated:September 12, 2019, 11:12 AM IST

পদ্ম সন্মানৰ কাৰণে আটাইকেইগৰাকী মহিলা খেলুৱৈৰ নাম প্ৰস্তাৱ ক্ৰীড়া মন্ত্ৰালয়ৰ। এয়া ঐতিহাসিক পদক্ষেপ হিচাপে বিবেচিত হৈছে।
পদ্ম সন্মানৰ কাৰণে আটাইকেইগৰাকী মহিলা খেলুৱৈৰ নাম প্ৰস্তাৱ ক্ৰীড়া মন্ত্ৰালয়ৰ। এয়া ঐতিহাসিক পদক্ষেপ হিচাপে বিবেচিত হৈছে।
- News18
- Last Updated: September 12, 2019, 11:12 AM IST
পদ্ম পুৰষ্কাৰৰ কাৰণে প্ৰেৰণ কৰা আটাইকেইগৰাকী খেলুৱৈ মহিলা
মেৰীকমৰ লগতে পদ্ম পুৰষ্কাৰৰ কাৰণে প্ৰেৰণ কৰা ৯গৰাকী খেলুৱৈয়ে মহিলা। অলিম্পিকৰ পদক বিজেতা আৰু বিশ্ব চেম্পিয়ন পিভি সিন্ধুৰ নাম পদ্মভূষণৰ কাৰণে প্ৰস্তাৱ কৰা হৈছে। দেশৰ তৃতীয় সৰ্বোচ্ছ অসামৰিক সন্মান পদ্মভূষণৰ কাৰণে ২০১৭চনতো পিভি সিন্ধুৰ নাম প্ৰস্তাৱ কৰা হৈছিল যদিও সিন্ধুয়ে অন্তিম সূচীত স্থান লাভ কৰিব পৰা নাছিল। ২০১৫চনত সিন্ধুৱে পদ্মশ্ৰী সন্মান লাভ কৰিছিল।
মেৰীকম আৰু সিন্ধুৰ নাম এইকাৰণে প্ৰেৰণ
ক্ৰীড়া মন্ত্ৰালয়ে পদ্মবিভূষণৰ কাৰণে নাম প্ৰেৰণ কৰা ৩৬বছৰীয়া মেৰীকম ছয়বাৰৰ বিশ্ব চেম্পিয়ন, মণিপুৰী বক্সাৰগৰাকীয়ে ২০১২চনত লণ্ডন অলিম্পিকত ব্ৰঞ্জৰ পদক জয় কৰিছিল। ২০১৬চনত তেওঁ বিজেপিৰ পৰা ৰাজ্য সভাৰ সাংসদো নিৰ্বাচিত হৈছিল। আনহাতে ৰিঅ’ অলিম্পিকত ৰূপৰ পদক লাভ কৰিছিল পিভি সিন্ধুৱে। অলপতে তেওঁ বিশ্ব চেম্পিয়নশ্বিপৰ খিতাপো দখল কৰিছে। তেওঁ এই খিতাপ দখল কৰা প্ৰথম ভাৰতীয়।