গাড়ী কিনাৰ কথা ভাবিছে নেকি? মাৰুতিয়ে দিছে BUMPER OFFER!

News18-Assam
Updated:November 27, 2019, 8:36 AM IST
গাড়ী কিনাৰ কথা ভাবিছে নেকি? মাৰুতিয়ে দিছে BUMPER OFFER!
উৎসৱৰ বতৰ শেষ হোৱাৰ পিছতে গাড়ীৰ দামত মাৰুতী ছুজুকীয়ে আগবঢ়াই আছে বাম্পাৰ অফাৰ।

উৎসৱৰ বতৰ শেষ হোৱাৰ পিছতে গাড়ীৰ দামত মাৰুতী ছুজুকীয়ে আগবঢ়াই আছে বাম্পাৰ অফাৰ।

  • Share this:
আকৌ এবাৰ বিক্ৰীৰ ক্ষেত্ৰত মাৰুতী ছুজুকীৰ গাড়ীয়ে লাভ কৰিছে গতি। অক্টোবৰ মাহটো কোম্পানীটোৰ বাবে অত্যন্ত ভাল আছিল। কোম্পানীয়ে গ্ৰাহকক আকৰ্ষণ কৰাৰ বাবে আগবঢ়াইছে কেইবাটাও আকৰ্ষণীয় অফাৰ। উৎসৱৰ বতৰ শেষ হোৱাৰ পিছতে গাড়ীৰ দামত মাৰুতী ছুজুকীয়ে আগবঢ়াই আছে বাম্পাৰ অফাৰ। যদি আপুনি গাড়ী কিনাৰ কথা ভাৱিছে তেন্তে আপুনি ১.১৩ লাখ টকাপৰ্যন্ত ৰেহাই পাব পাৰে।

Ciaz
এই গাড়ীখন আপুনি ৮৭ হাজাৰ টকাপৰ্যন্ত ৰেহাই পাব। মাৰুতিৰ ছিয়াজ তিনিটা ইঞ্জিন অপচনৰ সৈতে আহে। ছিয়াজৰ পেট্ৰ’ল ভেৰিয়েণ্টত আপুনি পাব ৬৫ হাজাৰ টকাৰ লাভ। আনহাতে, ডিজেল ভেৰিয়েণ্টত পাব ৮৭,৭০০ টকাৰ ৰেহাই।



Baleno
মাৰুতীৰ নেক্সা আউটলেটৰ সৰ্বাধিক বিক্ৰী হোৱা গাড়ী বেলেন’ত এতিয়া আপুনি বিএছ6 কম্পলাইণ্টযুক্ত 1.2-litre পেট্ৰ’ল ইঞ্জিন পাব। আৱশ্যে নেক্সাৰ ডিলাৰত এতিয়াও এই গাড়ীখনৰ বিএছ৪ পেট্ৰ’ল আৰু ডিজেল মডেল মজুত আছে। কোম্পানীয়ে বেলেন’ পেট্ৰ’লত ৩৫ হাজাৰ আৰু ডিজেলত ৬২,৪০০ টকাৰ ৰেহাই দিছে।



S-Cross
যদি আপুনি মাৰুতিৰ এছ–ক্ৰছ কিনে তেন্তে আপুনি ১.১৩ লাখ টকা ৰাহি কৰিব পাৰিব। এই গাড়ীখন কেৱল 1.3-litre ডিজেল ইঞ্জিনত উপলব্ধ। কিন্তু শীঘ্ৰে ইয়াৰ পেট্ৰ’ল ইঞ্জিনো বজাৰলৈ আহিব। এই গাড়ীখনত ৫০ হাজাৰ পৰ্যন্ত কনজুমাৰ অফাৰ, ৩০ হাজাৰৰ এক্সচেঞ্জ অফাৰ আৰু ১০ হাজাৰ টকাৰ কৰ্প’ৰেট অফাৰ দিয়া হৈছে।

আৰু চাওক
পৰৱৰ্তী বাতৰি