• Home
  • »
  • News
  • »
  • nation
  • »
  • পুলৱামাৰ বীৰ শ্বহীদ মেজৰ ধৌনদিয়ালৰ পত্নী নিকিতাই হাৰিয়ানা আৰক্ষীলৈ আগবঢ়ালে ১০০০ PPE কিট 

পুলৱামাৰ বীৰ শ্বহীদ মেজৰ ধৌনদিয়ালৰ পত্নী নিকিতাই হাৰিয়ানা আৰক্ষীলৈ আগবঢ়ালে ১০০০ PPE কিট 

হাৰিয়ানাৰ মুখ্যমন্ত্ৰী মনোহৰ সিং খট্টৰেও টুইটাৰ যোগে বীৰ শ্বহীদগৰাকীৰ পত্নীক জনাইছে ধন্যবাদ

হাৰিয়ানাৰ মুখ্যমন্ত্ৰী মনোহৰ সিং খট্টৰেও টুইটাৰ যোগে বীৰ শ্বহীদগৰাকীৰ পত্নীক জনাইছে ধন্যবাদ

হাৰিয়ানাৰ মুখ্যমন্ত্ৰী মনোহৰ সিং খট্টৰেও টুইটাৰ যোগে বীৰ শ্বহীদগৰাকীৰ পত্নীক জনাইছে ধন্যবাদ

  • Share this:
কোনে পাহৰিব সেই অভিশপ্ত দিনটোৰ কথা! ২০১৯ চনৰ ফেব্ৰুৱাৰী মাহত পুলৱামাত ‘Jaish-e-Mohammad’ নামৰ সন্ত্ৰাসবাদী সংগঠনটোৱে চলোৱা আক্ৰমণত শ্বহীদ হৈছিল মেজৰ বিভূতি শংকৰ ধৌনদিয়াল। ২০১৮ চনত বিবাহপাশত আবদ্ধ হোৱা ধৌনদিয়াল হঠাত্‍ চিৰদিনৰ বাবে হেৰাই যোৱাত  নৱ বিবাহিতা পত্নী নিকিতা কৌল ধৌনদিয়ালৰ মূৰত সৰগ ভাঙি পৰিছিল।

এতিয়া দেশত কোৰোণা ভাইৰাছৰ সন্ত্ৰাস। কোৰোণাৰ সংক্ৰমণ ৰোধৰ বাবে এতিয়া বিভিন্ন জনে সাধ্য অনুসৰি আগবঢ়াইছে সাহায্য। তাৰ মাজতে পুলৱামাৰ বীৰ শ্বহীদ বিভূতি শংকৰ ধৌনদিয়ালৰ পত্নী নিকিতা কৌল ধৌনদয়ালে হাৰিয়ানা আৰক্ষীলৈ আগবঢ়াইছে ১০০০ PPE কিট।

নিকিতা কৌলৰ এনে মহানুভৱতাক এতিয়া শলাগ লৈছে ফৰিদাবাদ আৰক্ষীয়ে। হাৰিয়ানাৰ মুখ্যমন্ত্ৰী  মনোহৰ সিং খট্টৰেও টুইটাৰ যোগে বীৰ শ্বহীদগৰাকীৰ পত্নীক জনাইছে ধন্যবাদ।
Published by:Himangshu Bhuyan
First published: