দৰা অবিহনে সম্পন্ন হ’ল এখন বিয়া, কিয় বিয়া কৰাবলৈ আহিব দিয়া নহ’ল দৰাক?

News18 Assam | News18-Assam
Updated:February 5, 2020, 12:17 PM IST
দৰা অবিহনে সম্পন্ন হ’ল এখন বিয়া, কিয় বিয়া কৰাবলৈ আহিব দিয়া নহ’ল দৰাক?
Source-Google

কিয় বিয়া কৰাবলৈ আহিব দিয়া নহ’ল দৰাক?

  • Share this:
এখন বিয়া, বিয়া বুলি পৰিয়ালৰ সকলোৰে মনত কিমান যে উচাহ! কিন্তু আচৰিত কথাতো হ’ল, দৰা অবিহনে সম্পন্ন কৰা হ’ল বিবাহ অনুষ্ঠান। দৰাৰ ঘৰ কেৰালাৰ ত্ৰিসুৰত। কিন্তু কৰ্মসূত্ৰে থাকে চীনত। নিজৰ বিয়া বুলি এসপ্তাহৰ পূৰ্বে চীনৰ পৰা আহিছিল যুৱকজন। কিন্তু  দৰা অবিহনেই সম্পন্ন হয় বিবাহৰ অভ্যৰ্থনা অনুষ্ঠান।

চীনত এতিয়া কৰোণা ভাইৰাছৰ সন্ত্ৰাস। বিয়া বুলি চীনৰ পৰা অহা যুৱকজনক ভাৰতত প্ৰৱেশ কৰাৰ লগে লগেই চিকিৎসালয়ত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। কোৰোণা ভাইৰাছত আক্ৰান্ত হোৱা বুলি সন্দেহ কৰি যুৱকজনক  প্ৰায় ২৮ দিন কৰি চিকিৎসকৰ নজৰত ৰখা হ’ব।

৪ ফেব্ৰুৱাৰীত আছিল বিবাহ। বিবাহৰ দিন ধাৰ্য হোৱাৰ পিছত পৰিয়াল তথা সম্বন্ধীয় সকলোকে বিয়ালৈ নিমন্ত্ৰণ জনোৱা হৈছিল। কিন্তু পৰ্যবেক্ষণৰ সময়সীমা সমাপ্ত নোহোৱাত নিজৰ বিয়াৰ দিনা উপস্থিত থাকিব নোৱাৰিলে দৰা। যোৱা সপ্তাহত নিজৰ বিয়াৰ বাবে চীনৰ পৰা আহিছিল যুৱকজন।
আৰু চাওক
পৰৱৰ্তী বাতৰি