মুখ্যপৃষ্ঠা » খবৰ

» দেশ

»কোৰোণা হাৰিব, জিকিব ভাৰত : দেশত এতিয়ালৈ ৯৫ কোটি ড’জ ভেকচিন প্ৰদান

কোৰোণা হাৰিব, জিকিব ভাৰত : দেশত এতিয়ালৈ ৯৫ কোটি ড’জ ভেকচিন প্ৰদান

News18 Assam | News18-Assam
Updated:October 10, 2021, 7:47 PM IST
কোৰোণা হাৰিব, জিকিব ভাৰত : দেশত এতিয়ালৈ ৯৫ কোটি ড’জ ভেকচিন প্ৰদান
৯৫ কোটিৰো অধিক লোকক ভেকচিনৰ ড’জ দিয়াৰ পিছত আশা কৰা হৈছে যে ভাৰতে নিৰ্ধাৰিত সময়ৰ পূৰ্বে ১০০ কোটি ভেকচিনৰ ড’জৰ লক্ষ্য অতিক্ৰম কৰিব।

৯৫ কোটিৰো অধিক লোকক ভেকচিনৰ ড’জ দিয়াৰ পিছত আশা কৰা হৈছে যে ভাৰতে নিৰ্ধাৰিত সময়ৰ পূৰ্বে ১০০ কোটি ভেকচিনৰ ড’জৰ লক্ষ্য অতিক্ৰম কৰিব।

  • Share this:
ভাৰতত কোৰোণা ভেকচিনেচন অভিযান দ্ৰুতগতিত চলি আছে। দেশত এতিয়ালৈ ৯৫ কোটি লোকক কোৰোণাৰ ভেকচিনৰ ড’জ (প্ৰথম আৰু দ্বিতীয়) প্ৰদান কৰা হৈছে। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী মনসুখ মাণ্ডভিয়াই টুইট কৰিছে, আমাৰ দেশত বিশ্বৰ সৰ্ববৃহৎ টিকাকৰণ অভিযান চলি আছে। যাৰ ফলত এতিয়ালৈ ৯৫ কোটিৰো অধিক লোকক ভেকচিন প্ৰদান কৰা হৈছে। লগতে আগলৈ লিখিছে যে দেশ এতিয়া ১০০ কোটি ভেকচিনৰ ড’জৰ দিশে আগবাঢ়িছে। ৯৫ কোটিৰো অধিক লোকক ভেকচিনৰ ড’জ দিয়াৰ পিছত আশা কৰা হৈছে যে ভাৰতে নিৰ্ধাৰিত সময়ৰ পূৰ্বে ১০০ কোটি ভেকচিনৰ ড’জৰ লক্ষ্য অতিক্ৰম কৰিব।

উল্লেখযোগ্য যে কেন্দ্ৰীয় চৰকাৰে মাৰ্চ ২০২২লৈ ১০০ কোটি ভেকচিনৰ ড’জ দিয়াৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। কিন্তু এতিয়ালৈ যি সংখ্যা পোহৰলৈ আহিছে তালৈ লক্ষ্য কৰি ক’ব পৰা যায় যে এই লক্ষ্য ডিচেম্বৰৰ পূৰ্বেই সম্পূৰ্ণ হ’ব।
Published by: Sanjay Kumar Das
First published: October 10, 2021, 7:32 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি