• Home
  • »
  • News
  • »
  • nation
  • »
  • দিল্লীৰ কৃষক আন্দোলনত অনুপ্ৰৱেশ কৰাৰ ভয়ংকৰ স্বীকাৰোক্তি মাওবাদী সংগঠনৰ; এই ৰাজ্যবোৰত গেৰিলা যুদ্ধৰ প্ৰস্তুতি

দিল্লীৰ কৃষক আন্দোলনত অনুপ্ৰৱেশ কৰাৰ ভয়ংকৰ স্বীকাৰোক্তি মাওবাদী সংগঠনৰ; এই ৰাজ্যবোৰত গেৰিলা যুদ্ধৰ প্ৰস্তুতি

মাওবাদী সংগঠনে চৰকাৰৰ আদেশৰ বিৰুদ্ধে বিদ্ৰোহী কাৰ্যকলাপ বৃদ্ধি কৰাৰ বিশেষ আদেশ জাৰি কৰিছে।

মাওবাদী সংগঠনে চৰকাৰৰ আদেশৰ বিৰুদ্ধে বিদ্ৰোহী কাৰ্যকলাপ বৃদ্ধি কৰাৰ বিশেষ আদেশ জাৰি কৰিছে।

মাওবাদী সংগঠনে চৰকাৰৰ আদেশৰ বিৰুদ্ধে বিদ্ৰোহী কাৰ্যকলাপ বৃদ্ধি কৰাৰ বিশেষ আদেশ জাৰি কৰিছে।

  • Share this:
দেশৰ বহুতো ৰাজ্যৰ নগৰ অঞ্চলসমূহত নিষিদ্ধ সংগঠন, ভাৰতীয় কমিউনিষ্ট পাৰ্টীৰ (মাওবাদী) কাৰ্যকলাপ বৃদ্ধি হ'বলৈ ধৰিছে। এই নক্সালবাদী সংগঠনটোৰ হৈ দেশৰ বহুতো ৰাজ্যৰ নগৰ অঞ্চলত নক্সাল কাৰ্যকলাপ আৰু তেওঁলোকৰ প্ৰভাৱ বৃদ্ধি কৰাৰ বাবে এক পৰিকল্পনা প্ৰস্তুত কৰা হৈছে। নক্সাল কাৰ্যকলাপ তথা প্ৰভাৱ বৃদ্ধি কৰিবৰ বাবে সংগঠনটোৱে নগৰ অঞ্চলবোৰত গেৰিলা যুদ্ধ বৃদ্ধি কৰিবলৈও নিৰ্দেশো প্ৰদান কৰিছে। সংগঠনটোৱে দিল্লীৰ কৃষক আন্দোলনত লুকাই অনুপ্ৰৱেশ কৰাৰ কথা স্বীকাৰ কৰিছে।

এক সূত্ৰৰ পৰা জানিব পৰা গৈছে যে, নিষিদ্ধ সংগঠন ভাৰতীয় কমিউনিষ্ট পাৰ্টী (মাওবাদী)য়ে দেশৰ নগৰ অঞ্চলসমূহক ইয়াৰ লক্ষ্যত ৰখাৰ ইতিমধ্যে প্ৰস্তুতি চলাইছে। মহাৰাষ্ট্ৰ, বিহাৰ, ছত্তীশগড়, উৰিষ্যা আৰু ঝাৰখণ্ড ৰাজ্যৰ নগৰাঞ্চলত এই কাৰ্যকলাপ বৃদ্ধিৰ ওপৰত অধিক গুৰুত্ব দিয়া হৈছে। ভাৰতীয় কমিউনিষ্ট পাৰ্টী (মাওবাদীয়ে) এই ৰাজ্যসমূহৰ নগৰ অঞ্চলত গেৰিলা যুদ্ধ বৃদ্ধি কৰিবলৈ নিৰ্দেশ দিয়া বুলি জানিব পৰা গৈছে। মহাৰাষ্ট্ৰ, বিশেষকৈ গড়চিৰোলী, গণ্ডিয়া নগৰ অঞ্চল উক্ত নিষিদ্ধ সংগঠনটোৰ লক্ষত আছে। আনহাতে, বিহাৰ, ছত্তীশগড়, উৰিষ্যা আৰু ঝাৰখণ্ডৰ বহুতো নগৰ অঞ্চলকো এই নিষিদ্ধ সংগঠনটোৱে লক্ষ্য কৰাৰ প্ৰস্তুতি কৰিছে। এই সংগঠনটোৱে নক্সাল কাৰ্যকলাপ আৰু প্ৰভাৱ বৃদ্ধি কৰিবলৈ এটা ডাঙৰ পৰিকল্পনা কৰাৰ তথ্য আহি পৰিছে।

সূত্ৰৰ মতে, উক্ত মাওবাদী সংগঠনে চৰকাৰৰ আদেশৰ বিৰুদ্ধে বিদ্ৰোহী কাৰ্যকলাপ বৃদ্ধি কৰাৰ বিশেষ আদেশ জাৰি কৰিছে। গোটেই দেশত এই সংগঠনৰ যিসকল সদস্য কাৰাগাৰত বন্ধী হৈ আছে সেইসকলক মুক্ত কৰিবলৈ বৃহৎ পৰিমাণৰ গেৰিলা যুদ্ধৰ আদেশ দিয়া হৈছে। সংগঠনটোৱে নিজৰ আদেশত এই কথা স্বীকাৰ কৰিছে যে সংগঠনটোৱে দিল্লীৰ কৃষক আন্দোলনত মনে–মনে অনুপ্ৰৱেশ কৰিছিল। যাৰ বাবে কেন্দ্ৰীয় চৰকাৰে কৃষি আইন উঠাই ল’ব লগা হৈছিল। সোমবাৰে অৰ্থাৎ ১৯ ছেপ্তেম্বৰত জাৰি কৰা আদেশত নিষিদ্ধ সংগঠন ভাৰতীয় কমিউনিষ্ট পাৰ্টী (মাওবাদী)ৰ বাৰ্ষিক অনুষ্ঠান আগন্তুক ২১ ছেপ্তেম্বৰৰ পৰা ২৭ ছেপ্তেম্বৰলৈ উদযাপন কৰাৰ কথাও কৈছে।
Published by:Sehnaz Begum
First published: