• Home
  • »
  • News
  • »
  • nation
  • »
  • ছত্তীশগড়ত নিৰাপত্তাৰক্ষীৰে সংঘৰ্ষত নিহত দুৰ্ধৰ্ষ মাওবাদী নেতা মাদৱী কোছা

ছত্তীশগড়ত নিৰাপত্তাৰক্ষীৰে সংঘৰ্ষত নিহত দুৰ্ধৰ্ষ মাওবাদী নেতা মাদৱী কোছা

নিহত নক্সালবাদী কোছা ১৭টা অপৰাধজনিত ঘটনাত জড়িত থকাৰ অভিযোগ আছে।

নিহত নক্সালবাদী কোছা ১৭টা অপৰাধজনিত ঘটনাত জড়িত থকাৰ অভিযোগ আছে।

নিহত নক্সালবাদী কোছা ১৭টা অপৰাধজনিত ঘটনাত জড়িত থকাৰ অভিযোগ আছে।

  • Share this:
ছত্তীশগড়ৰ দান্তেৱাড়া জিলাত নিৰাপত্তাৰক্ষীৰ সৈতে হোৱা সংঘৰ্ষত এজন দুৰ্ধৰ্ষ নক্সালবাদী নিহত হয় যিজনৰ শিৰৰ মূল্য ৫ লাখ টকা ধাৰ্য কৰিছিল আৰক্ষীয়ে। শুকুৰবাৰে আবেলি প্ৰায় ৪ বজাত জিলাখনৰ কেটকল্যাণ আৰক্ষী থানা অঞ্চলৰ অন্তৰ্গত ইটাপাল গাঁৱৰ ওচৰত নিৰাপত্তাৰক্ষীৰ সৈতে হোৱা সংঘৰ্ষত কেটকল্যাণ অঞ্চলৰ নক্সালপন্থী নেতা মাদৱী কোছা নিহত হয় বুলি আৰক্ষী মহাপৰিদৰ্শক (বস্তাৰ ৰেঞ্জ) সুন্দৰৰাজ পিয়ে শুকুৰবাৰে জনায়। অভিযুক্ত মাদৱী কোছা অতি দুৰ্ধৰ্ষ নক্সালবাদী আছিল। নিহত নক্সালবাদী কোছা ১৭টা অপৰাধজনিত ঘটনাত জড়িত থকাৰ অভিযোগ আছে।

সুন্দৰৰাজে কয় যে কেটকল্যাণ অঞ্চলত নক্সাল কাৰ্যকলাপৰ খবৰৰ ভিত্তিত ডিআৰজি দলটোক অভিযান চলাবলৈ পঠোৱা হৈছিল। যেতিয়া দলটো ইটাপাল গাঁৱৰ ওচৰৰ অৰণ্যত উপস্থিত হৈছিল, নক্সালবাদীসকলে দলটোৰ ওপৰত ধাৰাষাৰ গুলীবৰ্ষণ আৰম্ভ কৰিছিল। অভিযানকাৰী দলটোৱে ইয়াৰ প্ৰত্যুত্তৰ দিয়াৰ পিছত নক্সালসকল পলাই গৈছিল। পিছত, যেতিয়া নিৰাপত্তা বাহিনীৰ জোৱানসকলে অঞ্চলটোত তালাচী চলাইছিল, তাত এজন নক্সালৰ মৃতদেহ উদ্ধাৰ কৰা হৈছিল। নক্সালজনক পিছত মাদৱী কোচা বুলি চিনাক্ত কৰা হৈছিল। এনকাউণ্টাৰত নিহত হোৱা নক্সালবাদীজন ১৭টা ভয়ংকৰ অপৰাধজনিত ঘটনাত জড়িত থকাৰ অভিযোগ আছে বুলি আৰক্ষীৰ মহাপৰিদৰ্শক গৰাকীয়ে জনাইছে। অঞ্চলটোত নক্সালসকলৰ বিৰুদ্ধে অভিযান এতিয়াও চলি আছে।
Published by:Sanjay Kumar Das
First published: