জম্মু–কাশ্মীৰৰ কুপৱাড়াত প্ৰচণ্ড হিমস্খলন, কেইবাজনো সেনা জোৱান সন্ধানহীন

News18 Assam | News18-Assam
Updated:December 4, 2019, 8:01 AM IST
জম্মু–কাশ্মীৰৰ কুপৱাড়াত প্ৰচণ্ড হিমস্খলন, কেইবাজনো সেনা জোৱান সন্ধানহীন
সাংকেতিক ফটো (India TV)

মঙলবাৰে হিমস্খলনৰ দুটাকৈ ঘটনা সংঘটিত হয়। বান্দীপোৰাৰ গুৰেজ ছেক্টৰ আৰু কুপৱাড়া জিলাৰ কৰনাহ ছেক্টৰত সংঘটিত হয় এই ঘটনা।

  • Share this:
জম্মু–কাশ্মীৰৰ কুপৱাড়া জিলাৰ তংগধাৰ অঞ্চলত প্ৰচণ্ড হিমস্খলন। পৃথক পৃথক স্থানত হোৱা হিমস্খলনৰ ফলত কেইবাজনো সেনা জোৱান সন্ধানহীন হৈছে। সেনাৰ সূত্ৰই সদৰি কৰিছে এই তথ্য। সন্ধানহীন জোৱানসকলৰ উদ্ধাৰৰ বাবে অব্যাহত আছে অভিযান। সেনাৰ এ আৰ টি দলে চলাইছে উদ্ধাৰ অভিযান।

সূত্ৰ অনুসৰি, মঙলবাৰে হিমস্খলনৰ দুটাকৈ ঘটনা সংঘটিত হয়। বান্দীপোৰাৰ গুৰেজ ছেক্টৰ আৰু কুপৱাড়া জিলাৰ কৰনাহ ছেক্টৰত সংঘটিত হয় এই ঘটনা। এই দুয়োটা অঞ্চল উত্তৰ কাশ্মীৰৰ অন্তৰ্গত। ১৮ হাজাৰ ফুটৰো অধিক উচ্চতাৰ পৰা হোৱা হিমস্খলনৰ ফলত চাৰিজন সেনা জোৱান সন্ধানহীন হোৱা বুলি জানিব পৰা গৈছে।


NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।

আৰু চাওক
পৰৱৰ্তী বাতৰি