உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • nation
    • »
    • CRPF, BSF, SSBৰ বহু জোৱান আক্ৰান্ত কোভিডত, অধিকাংশই অমিক্ৰনত আক্ৰান্ত হোৱাৰ আশংকা

    CRPF, BSF, SSBৰ বহু জোৱান আক্ৰান্ত কোভিডত, অধিকাংশই অমিক্ৰনত আক্ৰান্ত হোৱাৰ আশংকা

    কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীৰ লগতে কেন্দ্ৰীয় উদ্যোগিক সুৰক্ষা বাহিনী চমুকৈ চিআইএছএফৰো ২৯০০ জোৱান জানুৱাৰী মাহত কোভিডত আক্ৰান্ত হৈছে।

    • Share this:
    যোৱা ৪ দিনত চিআৰপিএফৰ ৩০০০ জোৱান আক্ৰান্ত হৈছে কোৰোণাত। ইয়াৰে অধিকাংশই অমিক্ৰণৰ দ্বাৰা সংক্ৰমিত হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে। কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীৰ লগতে কেন্দ্ৰীয় উদ্যোগিক সুৰক্ষা বাহিনী চমুকৈ চিআইএছএফৰো ২৯০০ জোৱান জানুৱাৰী মাহত কোভিডত আক্ৰান্ত হৈছে। ইয়াৰে ১০৬৮ গৰাকী জোৱান বিমানকোঠৰ নিৰাপত্তাৰ দায়িত্বত আছিল বুলি জানিব পৰা গৈছে।

    একেদৰে পাকিস্তান আৰু বাংলাদেশ সীমান্তৰ সুৰক্ষাৰ দায়িত্বত থকা সীমা সুৰক্ষা বাহিনী চমুকৈ বিএছএফৰো ৫১৫জন জোৱান জানুৱাৰী মাহত কোৰোণাত আক্ৰান্ত হৈছে। ইপিনে নেপাল আৰু ভূটান সীমান্তৰ সুৰক্ষাৰ দায়িত্বত নিয়োজিত সশস্ত্ৰ সীমা বাহিনী চমুকৈ এছএছবিৰ ৩৭৯জন জোৱান কোৰোণাত আক্ৰান্ত হৈছে। ভাৰত-চীন সীমান্তৰ সুৰক্ষাৰ দায়িত্বত থকা ইণ্ডো-তিব্বত সীমান্ত বাহিনীৰো ১৪৮জন জোৱান কোৰোণাত আক্ৰান্ত হৈছে। কোৰোণাত আক্ৰান্ত হৈছে ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰশমন বাহিনীৰ ৪৮ জন জোৱান।
    Published by:Sanjay Kumar Das
    First published: