মুখ্যপৃষ্ঠা »খবৰ »দেশ »Letter To Rahul Gandhi : ''দেশৰ হিতৰ বাবে স্থগিত ৰাখক ভাৰত জোৰো যাত্ৰা''- কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰীয়ে ৰাহুল গান্ধীলৈ লিখিলে পত্ৰ

Letter To Rahul Gandhi : ''দেশৰ হিতৰ বাবে স্থগিত ৰাখক ভাৰত জোৰো যাত্ৰা''- কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰীয়ে ৰাহুল গান্ধীলৈ লিখিলে পত্ৰ

কংগ্ৰেছৰ সাংসদ কাৰ্তি চিদাম্বৰমে মাণ্ডৱিয়াৰ চিঠিক লৈ কয়- ভাৰত জোড়ো যাত্ৰাক লৈ হঠাৎ গুৰুত্ব কিয়?

কংগ্ৰেছৰ সাংসদ কাৰ্তি চিদাম্বৰমে মাণ্ডৱিয়াৰ চিঠিক লৈ কয়- ভাৰত জোড়ো যাত্ৰাক লৈ হঠাৎ গুৰুত্ব কিয়?

কংগ্ৰেছৰ সাংসদ কাৰ্তি চিদাম্বৰমে মাণ্ডৱিয়াৰ চিঠিক লৈ কয়- ভাৰত জোড়ো যাত্ৰাক লৈ হঠাৎ গুৰুত্ব কিয়?

  • Share this:

সমগ্ৰ বিশ্বতে কৰোনা ভাইৰাছৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ মাজতে ভাৰততো অমিক্ৰনৰ নতুন উপপ্ৰকাৰ বিএফ.৭ৰ সংক্ৰমণৰ ঘটনা পোহৰলৈ আহিছে। এনে সময়তে কেন্দ্ৰীয় চৰকাৰে সতৰ্কতা বৃদ্ধি কৰিছে। কেন্দ্রই সকলো ৰাজ্যকে নতুন ক’ভিড ৰোগীৰ ওপৰত নজৰ ৰাখিবলৈ কৈছে৷


ইফালে কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী মনসুখ মাণ্ডৱিয়াৰ এখন চিঠি চৰ্চালৈ আহিছে, যিখন চিঠি তেওঁ কংগ্ৰেছ নেতা ৰাহুল গান্ধী আৰু ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলটলৈ লিখিছে। ইয়াৰ মাজতে দুয়োজন নেতাক ভাৰত জোড়ো যাত্ৰাত Covid প্ৰট’কল মানি চলিবলৈ আহ্বান জনোৱা হৈছে। ইয়াৰ লগতে এইটোও কোৱা হৈছে যে যদি এয়া সম্ভৱ নহয়, তেন্তে দেশৰ স্বাৰ্থত যাত্ৰা পিছুৱাই দিয়াৰ সিদ্ধান্ত লোৱা উচিত।


তেওঁ কয়, "ৰাজস্থানত চলি থকা ভাৰত জোড়ো যাত্ৰাত ক'ভিডৰ নীতি-নিৰ্দেশনা কঠোৰভাৱে পালন কৰিব লাগে। মাস্ক আৰু ছেনিটাইজাৰ ব্যৱহাৰ কৰিব লাগে আৰু এই যাত্ৰাত কেৱল কৰোনাৰ প্ৰতিষেধক লোৱা লোকসকলেহে অংশগ্ৰহণ কৰাটো নিশ্চিত কৰিব লাগে। যাত্ৰীসকলক আগতীয়াকৈ পৃথক কৰি ৰাখিব লাগে। আৰু যোগদান কৰাৰ পিছত।"


কংগ্ৰেছৰ সাংসদ কাৰ্তি চিদাম্বৰমে মাণ্ডৱিয়াৰ চিঠিক লৈ কয়- ভাৰত জোডো যাত্ৰাক লৈ হঠাৎ গুৰুত্ব কিয়? ইয়াৰ উপৰি টিএমচিৰ সাংসদ ড’না সেনেও মাণ্ডৱিয়াৰ চিঠিক লৈ প্ৰশ্ন উত্থাপন কৰিছে। এই সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰে এডভাইজৰী জাৰি কৰিব পাৰিলেহেঁতেন বুলিও তেওঁ কয়।

শেহতীয়া বাতৰি