• Home
  • »
  • News
  • »
  • nation
  • »
  • ‘সুশান্তই কান্দিছিল’, LIVEত শেখৰ কাপুৰ আৰু মনোজ বাজপেয়ীয়ে পাতিলে বহু কথা

‘সুশান্তই কান্দিছিল’, LIVEত শেখৰ কাপুৰ আৰু মনোজ বাজপেয়ীয়ে পাতিলে বহু কথা

সুশান্তৰ আত্মহত্যাৰ পিছতে ‘তুমি কি বেদনাত জৰ্জৰ হৈছিল মই জানো।’ এই টুইট কৰি চৰ্চালৈ অহা শেখৰ কাপুৰে মনোজ বাজপেয়ীৰ সৈতে পাতিলে বহু কথা। 

  • Share this:
সুশান্ত সিং ৰাজপুতৰ আত্মহত্যাৰ পিছত প্ৰখ্যাত ছবি পৰিচালক শেখৰ কাপুৰৰ এটা টুইটে সকলোকে চকিত কৰি তুলিছে। তেওঁ কৈছিল যে সুশান্তই কি বেদনাৰ মাজেৰে পাৰ হৈছে সেয়া তেওঁ জানে। ‘সোণচিৰিয়া’ত সুশান্তৰ সৈতে একেলগে কাম কৰা মনোজ বাজপেয়ীৰ সৈতে শেখৰ কাপুৰে প্ৰায় ১ঘণ্টা কথা পাতে। তেওঁ এই আলোচনাত খুলি কয় যে সুশান্তই আচলতে কি বেদনাৰ মাজেৰে পাৰ হৈছিল।

View this post on Instagram

A post shared by Manoj Bajpayee (@bajpayee.manoj) on

সুশান্ত সিং ৰাজপুতৰ মৃতদেহ ১৪জুনত বান্দ্ৰাস্থিত তেওঁৰ ফ্লেটত উদ্ধাৰ হৈছিল। ইয়াৰ পিছতে সাধাৰণ ৰাইজে বলিউডক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল আৰু অভিযোগ কৰিছিল যে সুশান্ত সিং ৰাজপুতক সেই ঠাই দিয়া নহ’ল যি ঠাইৰ তেওঁ দাবীদাৰ আছিল। ৰাজনীতিবিদৰ পৰা ইণ্ডাষ্ট্ৰীৰ লোকলৈকে সকলোৱে টুইট কৰিছিল। ইয়াৰ যথেষ্ট উত্তৰ এই লাইভ চেটত পোৱা গৈছে।

Published by:Tulika Devi
First published:

শেহতীয়া বাতৰি