আজি দ্বিতীয়বাৰৰ বাবে হাৰিয়ানাৰ মুখ্যমন্ত্ৰী পদৰ শপত ল’ব খট্টৰে, দুষ্যন্ত চৌতালা হ’ব উপ–মুখ্যমন্ত্ৰী

মনোহৰ লাল খট্টৰক শনিবাৰে সৰ্বসন্মতিক্ৰমে বিজেপিৰ বিধায়িনী দলৰ নেতা নিৰ্বাচিত কৰা হয়।

News18-Assam
Updated:October 27, 2019, 7:17 AM IST
আজি দ্বিতীয়বাৰৰ বাবে হাৰিয়ানাৰ মুখ্যমন্ত্ৰী পদৰ শপত ল’ব খট্টৰে, দুষ্যন্ত চৌতালা হ’ব উপ–মুখ্যমন্ত্ৰী
মনোহৰ লাল খট্টৰক শনিবাৰে সৰ্বসন্মতিক্ৰমে বিজেপিৰ বিধায়িনী দলৰ নেতা নিৰ্বাচিত কৰা হয়।
News18-Assam
Updated: October 27, 2019, 7:17 AM IST
আজি হাৰিয়ানাত গঠন হ’ব নতুন চৰকাৰ। মনোহৰ লাল খট্টৰে দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী পদৰ শপত ল’ব। আনহাতে, জননায়ক জনতা পাৰ্টীৰ নেতা দুষ্যন্ত চৌতালাই ৰাজ্যখনৰ উপ–মুখ্যমন্ত্ৰী হিচাপে শপত ল’ব। বিয়লি ২.১৫ বজাত চণ্ডীগড়স্থিত ৰাজভৱনত হ’ব শপতগ্ৰহণ অনুষ্ঠানত।

মনোহৰ লাল খট্টৰক শনিবাৰে সৰ্বসন্মতিক্ৰমে বিজেপিৰ বিধায়িনী দলৰ নেতা নিৰ্বাচিত কৰা হয়। খট্টৰৰ নাম প্ৰস্তাৱ কৰে বিধায়ক অনিল ভিজ আৰু কোঁৱৰ পালে। আন বিজেপি বিধায়কসকলে এই প্ৰস্তাৱ সমৰ্থন কৰে। বিধায়িনী দলৰ নেতা নিৰ্বাচিত হোৱাৰ পিছত খট্টৰে ৰাজ্যপাল সত্যদেৱ নাৰায়ণ আৰ্যৰ ওচৰত চৰকাৰ গঠনৰ দাবী উত্থাপন কৰে।

উল্লেখযোগ্য যে হাৰিয়ানাৰ চৰকাৰ গঠনৰ বাবে বিজেপি আৰু জননায়ক জনতা পাৰ্টীৰ মাজত শুকুৰবাৰে আলোচনা হয়। বিধানসভা নিৰ্বাচনৰ ফলাফলত বিজেপিয়ে সংখ্যাগৰিষ্ঠতাৰ পৰা ৬খন আসন দূৰত আছিল। আলোচনাৰ মাধ্যমেৰে সিদ্ধান্ত লোৱা হয় যে মুখ্যমন্ত্ৰী বিজেপিৰ হ’ব, উপ–মুখ্যমন্ত্ৰীৰ পদ পাব জে জে পিয়ে। দুষ্যন্ত চৌতালা হ’ব উপ–মুখ্যমন্ত্ৰী।

বিজেপিৰ ৬বাৰকৈ বিধায়ক হিচাপে নিৰ্বাচিত হোৱা অনিল ভিজ, বানোৱাৰী লাল, সীমা ত্ৰিখা আৰু জেজেপিৰ ৰাম কুমাৰ গৌতম আৰু ঈশ্বৰ সিঙে পাব পাৰে নতুন চৰকাৰৰ মন্ত্ৰীপদ। সূত্ৰ অনুসৰি, মিত্ৰজোঁট চৰকাৰক সমৰ্থন আগবঢ়োৱা সাত নিৰ্দলীয় বিধায়কৰ ভিতৰত একাংশ বিধায়ক আৰু দিৱংগত দেৱী লালৰ পুত্ৰ ৰঞ্জিত সিঙো মন্ত্ৰিত্বৰ দৌৰত আছে। খট্টৰ নেতৃত্বাধীন পূৰ্বৰ চৰকাৰত বিজেপিৰ জ্যেষ্ঠ নেতা অনিল ভিজ স্বাস্থ্য মন্ত্ৰী আছিল আৰু তেওঁ ষষ্ঠবাৰৰ বাবে আম্বালা কেণ্ট সমষ্টিৰ পৰা নিৰ্বাচিত হৈছে। সূত্ৰ অনুসৰি, বিজেপিৰ বিধায়ক মহিপাল ধান্ধা, ঘনশ্যাম ছৰাফ, কমল গুপ্তা, সুভাষ সুধা আৰু দীপক মংগলো মন্ত্ৰী পদৰ দৌৰত আছে।

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।

আৰু চাওক পৰৱৰ্তী বাতৰি