‘মই শাসন নহয়, মানুহৰ সেৱাৰ বাবেহে আছো।’ আজি ‘মন কী বাত’ অনুষ্ঠানত এই মন্তব্য কৰে প্ৰধানমন্ত্ৰী মোদীয়ে (PM Modi)। মোদীয়ে জনসাধাৰণক কোৰোণাৰ পৰা নিজকে আঁতৰাই ৰাখিবলৈও পৰামৰ্শ দিয়ে। প্ৰধানমন্ত্ৰীয়ে কয় যে কোৰোণা এতিয়াও যোৱা নাই। সেয়েহে আমি সাৱধান হোৱা প্ৰয়োজন। প্ৰধানমন্ত্ৰীয়ে আজিৰ কাৰ্যসূচীত আয়ুষ্মান কাৰ্ডৰ জৰিয়তে চিকিৎসা কৰোৱা ৰোগীৰ সৈতেও বাৰ্তালাপ কৰে।
প্ৰতি মাহৰ অন্তিম দেওবাৰে প্ৰচাৰিত হোৱা এই কাৰ্যসূচীৰ আজি ৮৩সংখ্যক খণ্ড আছিল। আহক চাও আজিৰ কাৰ্যসূচীত মোদীয়ে দিয়া বক্তব্যৰ ১০টা গুৰুত্বপূৰ্ণ কথা।
১. মোদীয়ে কয়, ডিচেম্বৰ মাহত নেভী ডে আৰু আৰ্ম্ড ফোৰ্চেছ ডেও দেশে পালন কৰে। আমি সকলোৱে জানো যে ১৬ ডিচেম্বৰ ১৯৭১ চনৰ যুদ্ধৰ স্বৰ্ণজয়ন্তী বৰ্ষও দেশে পালন কৰিছে। এই সকলো উপলক্ষে দেশৰ নিৰাপত্তাৰক্ষীক স্মৰণ কৰিছো। আমাৰ বীৰসকলক স্মৰণ কৰিছো।
২. মোদীয়ে কয় – এতিয়া দেশজুৰি সাধাৰণ লোকেই হওক বা চৰকাৰ, পঞ্চায়তৰ পৰা পাৰ্লিয়ামেণ্টলৈ, অমৃত মহোৎসৱৰ পৰিৱেশ আরু এই মহোৎসৱৰ সৈতে জড়িত কাৰ্যসূচী চলি আছে।
৩. প্ৰধানমন্ত্ৰী মোদীয়ে কয় – বিগত দিনসমূহত দিল্লীত ‘আজাদী কী কহানী – বচ্চো কী জুবানী’ কাৰ্যসূচীত শিশুসকলে স্বাধীনতা সংগ্ৰামৰ সৈতে জড়িত গাথাঁ প্ৰস্তুত কৰিছে। গুৰুত্বপূৰ্ণ কথাটো হ’ল ভাৰতৰ সৈতে নেপাল, মোৰিছাছ, তাঞ্জানিয়া, নিউজীলেণ্ড আৰু ফিজিৰ শিক্ষাৰ্থীয়েও অংশ লয়।
৪. মোদীয়ে কয়, ‘প্ৰকৃতিৰ পৰা আমাৰ বাবে বিপদো কঢ়িয়াই আনিব পাৰে যেতিয়া আমি তাৰ সন্তুলন নাইকীয়া কৰো বা তাৰ পৱিত্ৰতা নষ্ট কৰো। প্ৰকৃতিয়ে মাতৃৰ দৰে আমাক পালন কৰে আৰু আমাৰ বিশ্বত নতুন নতুন ৰং চটিয়ায়।
৫. প্ৰধানমন্ত্ৰী মোদীয়ে কয়, ‘মই আজিও শাসনত নাই আৰু ভৱিষ্যতেও শাসনলৈ যাব নিবিচাৰো। মই কেৱল সেৱাত থাকিব বিচাৰো। মোৰ বাবে এই পদ শাসনৰ বাবে নহয়, সেৱাৰ বাবেহে।
৬. মোদীয়ে কয় – আপোনালোকে জানি সুখী হ’ব যে এতিয়া Unicornsৰ বিশ্বত ভাৰত দ্ৰুতগতিত আগবাঢ়িছে। এক ৰিপ’ৰ্ট অনুসৰি, এই বছৰত এক ডাঙৰ পৰিৱৰ্তন আহিছে। কেৱল ১০ মাহতে ভাৰতে প্ৰতি ১০ মিনিটত এটা Unicorns নিৰ্মাণ কৰিছে।
৭. মোদীয়ে কয় – ডিচেম্বৰ মাহতে আৰু এক ডাঙৰ দিন আমাৰ সন্মুখলৈ আহে যাৰ পৰা আমি প্ৰেৰণা পাওঁ। এই দিনটো হৈছে ৬ ডিচেম্বৰত বাবা ছাহেব আম্বেদকাৰৰ পূণ্যতিথি। বাবা ছাহেব আম্বেদকাৰে নিজৰ সম্পূৰ্ণ জীৱন দেশ আৰু সমাজৰ বাবে নিজৰ কৰ্তব্যৰ জৰিয়তে সমৰ্পিত কৰিছিল।
৮. মোদীয়ে কয়, ‘‘StartUpsৰ বিশ্বত আজি ভাৰতে বিশ্বত একপ্ৰকাৰ নেতৃত্ব বহন কৰি আছে। বছৰৰ পিছত বছৰ ষ্টাৰ্টআপে অভিলেখসংখ্যক বিনিয়োগ লাভ কৰিছে। এই ক্ষেত্ৰখন দ্ৰুতগতিত আগবাঢ়ি আছে। দেশৰ প্ৰতিখন সৰু সৰু চহৰো ষ্টাৰ্টআপৰ পৰিধিত সোমাইছে।
৯. মোদীয়ে কয়, ‘জালৌনত এক পৰম্পৰাগত নদী আছে – নুন নদী। নুন ইয়াৰ কৃষকৰ বাবে পানীৰ মুখ্য উৎস আছিল। কিন্তু লাহে লাহে নুন নদী বিলুপ্তিৰ পথত। জালৌনৰ মানুহে এই পৰিস্থিতিত পৰিৱৰ্তনৰ পণ লৈছিল। আজি ইমান কম সময়ৰ ভিতৰতে এই নদীখন পুনৰ জীৱিত হৈছে।
১০. মোদীয়ে কয়, ‘আমাৰ দেশত বহু ৰাজ্য আছে, বহু অঞ্চল আছে য’ত মানুহে নিজৰ প্ৰকৃতিপ্ৰদত্ত ৰংবোৰ সজাই ৰাখিছে। এই লোকসকলে প্ৰকৃতিৰ সৈতে মিলি বাস কৰাৰ জীৱনশৈলী আজিও জীয়াই ৰাখিছে। এয়া আমাৰ সকলোৰে বাবে প্ৰেৰণা।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|