প্ৰৱৰ্তন সঞ্চালকালয়ে বুধবাৰে দিল্লীৰ আবকাৰী নীতি কেলেংকাৰী গোচৰত মনীষ চিছোদিয়াক অধিক ৰিমাণ্ড বিচৰা নাছিল, যাৰ পিছত আদালতে প্ৰাক্তন উপ মুখ্যমন্ত্ৰীক ৫ এপ্ৰিললৈকে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে। শুনানিৰ সময়ত, মনীষ চিছোদিয়াই কাৰাগাৰত পঢ়িবলৈ আৰু কিছুমান কিতাপৰ বাবে আবেদন কৰিছিল, যাৰ ওপৰত আদালতে কয় যে তেওঁ বিচৰা কিতাপবোৰ তেওঁক দিয়া হ'ব।
দৰাচলতে, দিল্লীৰ প্ৰাক্তন উপ মুখ্যমন্ত্ৰী মনীষ চিছোদিয়াই আবকাৰী নীতি সম্পৰ্কীয় এটা মানি লণ্ডাৰিং গোচৰত জামিনৰ বাবে আদালতৰ কাষ চাপিছিল, যাৰ ওপৰত আদালতে প্ৰৱৰ্তন সঞ্চালকালয়ৰ (ইডি) পৰা ইয়াৰ স্থিতি জানিব বিচাৰিছিল। বিশেষ ন্যায়াধীশ এম.কে. নাগপালে ইডিক এখন জাননী জাৰি কৰিছিল আৰু ২৫ মাৰ্চৰ ভিতৰত সঁহাৰি দিবলৈ নিৰ্দেশ দিছিল।
১৭ মাৰ্চত, আদালতে আপ নেতা মনীষ চিছোদিয়াৰ ইডি জিম্মা ২২ মাৰ্চলৈ পাঁচ দিন বৃদ্ধি কৰিছিল। চিছোদিয়াক ৯ মাৰ্চত তিহাৰ কাৰাগাৰত ইডিয়ে গ্ৰেপ্তাৰ কৰিছিল। ২০২১-২২ বৰ্ষৰ বাবে দিল্লী আবকাৰী নীতি প্ৰস্তুত আৰু ৰূপায়ণত দুৰ্নীতিৰ অভিযোগত ২৬ ফেব্ৰুৱাৰীত কেন্দ্ৰীয় অনুসন্ধান ব্যুৰো (চিবিআই)য়ে তেওঁক গ্ৰেপ্তাৰ কৰিছিল।
Published by: Kokil Sarma
FIRST PUBLISHED : March 22, 2023, 15:03 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।