চৰকাৰী কৰ্মচাৰীৰ বাবে ভালখবৰ! বঢ়োৱা হ’ল DA, বাঢ়িব দৰমহা

দিল্লী চৰকাৰে এই কোৰোণাৰ সংকট কালতো কৰ্মচাৰীৰ বাবে আনিছে ভালখবৰ।
দিল্লী চৰকাৰে এই কোৰোণাৰ সংকট কালতো কৰ্মচাৰীৰ বাবে আনিছে ভালখবৰ।
- News18 Assam
- Last Updated: December 9, 2020, 4:23 PM IST
সকলো শ্ৰেমিক, কৰ্মচাৰীৰ যাতে ডিএ বঢ়োৱা হয়, তাৰ সু ব্যৱস্থা হাতত ল’বলৈ স্পষ্ট নিৰ্দেশ দিছে দিল্লী চৰকাৰৰ উপ মুখ্যমন্ত্ৰীগৰাকীয়ে। দিল্লীত আনস্কীলড শ্ৰমিকে মাহে ১৫,৪৯২ টকা, চেমি স্কীলড শ্ৰমিকে মাহে ১৭,০৬৯ টকা আৰু স্কীলড শ্ৰমিকে মাহে ১৮,৭৯৭ টকা দৰমহা লাভ কৰিব।
ইয়াৰ উপৰিও ক্লাক, ছুপাৰ ভাইজাৰস্তৰৰ কৰ্মচাৰীৰো দৰমহা বৃদ্ধি কৰা হৈছে। ইয়াৰ মাজত যিসকল মেট্ৰিক পাছ কৰা নাই, তেওঁলোকে মাহে ১৭,০৬৯ টকা, মেট্ৰিক পাছ কিন্তু স্নাতক পাছ কৰা নাই, তেওঁলোকে মাহে লাভ কৰিব ১৮,৭৯৭ টকা। স্নাতক পাছৰ লগতে অন্যান্য উচ্চ শিক্ষিত কৰ্মচাৰীয়ে মাহে ২০,৪৩০ টকা লাভ কৰিব। চৰকাৰৰ তৰফৰ পৰা বছৰি দুবাৰ ডিএ বৃদ্ধি কৰা হয়। এবাৰ এপ্ৰিলত আৰু এবাৰ অক্টোবৰত।