• Home
  • »
  • News
  • »
  • nation
  • »
  • দিল্লীৰ উপ মুখ্যমন্ত্ৰীৰ অভিযোগ- দৰ্জা ভাঙি ঘৰৰ ভিতৰত প্ৰৱেশৰ চেষ্টা বিজেপি কৰ্মীৰ, পৰিয়ালৰ লোকক আক্ৰমণৰ অপচেষ্টা

দিল্লীৰ উপ মুখ্যমন্ত্ৰীৰ অভিযোগ- দৰ্জা ভাঙি ঘৰৰ ভিতৰত প্ৰৱেশৰ চেষ্টা বিজেপি কৰ্মীৰ, পৰিয়ালৰ লোকক আক্ৰমণৰ অপচেষ্টা

Source-Google

Source-Google

দিল্লীৰৰ উপ মুখ্যমন্ত্ৰী মনীষ চিচোদিয়াই কয় যে, তেওঁৰ বাসগৃহত বিজেপি কৰ্মী প্ৰৱেশ কৰি পৰিয়ালৰ লোকক প্ৰহাৰৰ চেষ্টা কৰে।

  • Share this:
আম আদমী পাৰ্টীৰ নেতাই নিগমৰ বিজেপি নেতাক প্ৰাণে মৰাৰ ভাবুকি দিয়াৰ ঘটনাই এতিয়া পৰিস্থিতি তীব্ৰতৰ কৰি তুলিছে। শুকুৰবাৰে বিজেপি কৰ্মীয়ে দিল্লীৰৰ উপ মুখ্যমন্ত্ৰী মনীষ চিচোদিয়াৰ বাসগৃহৰ বাহিৰত তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে। কিন্তু বিজেপিৰ প্ৰতিবাদী সমৰ্থকসকলৰ বিৰুদ্ধে এতিয়া গুৰুতৰ অভিযোগ আনিছে দিল্লীৰ উপ মুখ্যমন্ত্ৰী মনীষ চিচোডিয়াই।



টুইটাৰৰ জৰিয়তে দিল্লীৰ উপ মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, ‘ আজি বিজেপিৰ গুণ্ডাই মোৰ ঘৰৰ দৰ্জা ভাঙি ভিতৰলৈ প্ৰৱেশ কৰিবলৈ চেষ্টা কৰে। আৰু মোৰ পত্নী আৰু সন্তানক আক্ৰমণ কৰাৰো চেষ্টা কৰে।’ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক টেগ কৰি উপ মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে, ‘আজি আপুনি দিল্লীৰ ৰাজনীতিত হাৰিল বুলিয়েই কি এনে কাম কৰিব নেকি?’
Published by:Himangshu Bhuyan
First published: