সশস্ত্ৰ বিদ্ৰোহীক Covid–19ৰ সংক্ৰমণৰ কালত সাহায্য দিলে কোনে?

News18 Assam | News18-Assam
Updated:May 10, 2020, 8:01 PM IST
সশস্ত্ৰ বিদ্ৰোহীক Covid–19ৰ সংক্ৰমণৰ কালত সাহায্য দিলে কোনে?
NSCN-IMৰ হোথৰং ব্ৰিগেডক কোৰোণা মহামাৰীৰ দুৰ্যোগ কালত সাহায্য হিচাপে চাউল, মাস্ক, ছেনিটেইজাৰ, PPE কিট, শাক–পাচলিৰ বীজ, খেতি কৰাৰ সঁজুলি আদি প্ৰদান কৰা হয়৷

NSCN-IMৰ হোথৰং ব্ৰিগেডক কোৰোণা মহামাৰীৰ দুৰ্যোগ কালত সাহায্য হিচাপে চাউল, মাস্ক, ছেনিটেইজাৰ, PPE কিট, শাক–পাচলিৰ বীজ, খেতি কৰাৰ সঁজুলি আদি প্ৰদান কৰা হয়৷

  • Share this:
সৰ্বত্ৰে এতিয়া কোৰোণা মহামাৰীৰ মহাসংক্ৰমণ৷ বাদ পৰা নাই কোনো দেশ, কোনো ৰাজ্য৷ এই পৰ্যন্ত উত্তৰ-পূব ভাৰতত ২১৫জন আক্ৰান্ত হৈছে৷ চিকিৎসাধীন হৈ আছে ১৬২জন আক্ৰান্ত, চিকিৎসালয়ৰ পৰা মুক্ত হৈছে ৫১ জন৷ মৃত্যু হৈছে দুজনৰ৷

কোৰোণা মহামাৰীৰ এই মহাসংক্ৰমণৰ কালত উত্তৰ-পূব ভাৰতৰ আটাইতকৈ শক্তিশালী সশস্ত্ৰ বিদ্ৰোহী সংগঠনটোক সহায়ৰ হাত আগবঢ়ালে একাংশ লোকে৷ এয়া তাৰেই ফটো৷ এয়া মণিপুৰৰ সেনাপতি জিলাৰ ফটো৷ নগা বিদ্ৰোহী সংগঠন NSCN-IMক কোৰোণা সাহায্য আগবঢ়াইছে মণিপুৰৰ নগা সমাজে৷

সেনাপতি জিলাত থকা NSCN-IMৰ হোথৰং ব্ৰিগেডক কোৰোণা মহামাৰীৰ দুৰ্যোগ কালত সাহায্য হিচাপে চাউল, মাস্ক, ছেনিটেইজাৰ, PPE কিট, শাক–পাচলিৰ বীজ, খেতি কৰাৰ সঁজুলি আদি প্ৰদান কৰা হয়৷ মণিপুৰৰ নগা সমাজৰ সৰ্ববৃহৎ সংগঠন ইউনাইটেড নাগা কাউন্সিল, চমুকৈ UNCয়ে এই সাহায্য প্ৰদান কৰে শুকুৰবাৰে।



লকডাউনৰ এই সময়ছোৱাত NSCN-IMৰ ডেজিগনেটেড কেম্পত সাহায্য প্ৰদান কৰি UNCৰ পূৰ্বৰ অধ্যক্ষ কেএছ পাউলেউয়ে কয়- “মহাদুৰ্যোগৰ এই সময়ত সকলোকে সহায়ৰ প্ৰয়োজন৷ লকডাউনৰ কালত NSCN-IMৰ কেডাৰসকলে কেম্পত খেতি-পথাৰত ব্যস্ত থকাৰ বাবে খেতিৰ বাবে প্ৰয়োজনীয় সঁজুলি আৰু শাক–পাচলিৰ বীজ যোগান ধৰা হৈছে৷”

“নগা আৰ্মীয়ে আমাৰ দেশ আৰু নগা জাতিৰ বাবে কাম কৰি আছে৷ এই বিপদ কালত তেওঁলোকক আমি সহায় কৰিছো৷ আমি আশা কৰিম সকলোতে শান্তি-সম্প্ৰীতি বৰ্তি থাকিব,” ক'লে UNCৰ প্ৰাক্তন অধ্যক্ষই ৷ সাহায্য প্ৰদান অনুষ্ঠানত লোক সংগীত শিল্পী গুৰু ৰেউবেন মাছাংৱাই তেওঁৰ এটা নতুন গীত পৰিৱেশন কৰে৷
First published: May 10, 2020, 8:01 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি