নতুন দিল্লীত মণিপুৰৰ এনপিপিৰ বিসম্বাদী বিধায়কক অমিত শ্বাহৰে সাক্ষাৎ কৰালে NEDAৰ আহ্বায়ক হিমন্ত বিশ্ব শৰ্মাই

News18 Assam | News18-Assam
Updated:June 24, 2020, 10:27 PM IST
নতুন দিল্লীত মণিপুৰৰ এনপিপিৰ বিসম্বাদী বিধায়কক অমিত শ্বাহৰে সাক্ষাৎ কৰালে NEDAৰ আহ্বায়ক হিমন্ত বিশ্ব শৰ্মাই
বৈঠকৰ অনন্ত অপেক্ষাৰত সাংবাদিকক একো কথা সদৰি নকৰি শৰ্মা, চাংমা আৰু চাৰি বিধায়ক পোনে পোনে বিমানবন্দৰলৈ ৰাওনা হয়।

বৈঠকৰ অনন্ত অপেক্ষাৰত সাংবাদিকক একো কথা সদৰি নকৰি শৰ্মা, চাংমা আৰু চাৰি বিধায়ক পোনে পোনে বিমানবন্দৰলৈ ৰাওনা হয়।

  • Share this:
মণিপুৰৰ ৰাজনৈতিক সংকট পালেহি গৃহমন্ত্ৰী অমিত শ্বাহৰ দৰবাৰ। আৰু ইয়াতে আধা ঘণ্টাৰ আলোচনাৰ অন্তত যৱনিকা পৰে প্ৰায় এপষেক ধৰি মণিপুৰত চলি থকা ৰাজনৈতিক নাটকৰ। বিয়লি ৬ বজাত এনপিপিৰ মুৰব্বী কনৰাড চাংমা আৰু NEDAৰ আহ্বায়ক হিমন্ত বিশ্ব শৰ্মাই ৪জন বিসম্বাদী বিধায়কক লৈ আহে অমিত শ্বাহৰ বাসগৃহলৈ। মণিপুৰৰ এন বীৰেন সিঙৰ চৰকাৰৰ সংগ এৰা চাৰি এনপিপিৰ বিধায়ক ক্ৰমে ওয়াই জয়কুমাৰ, এন কায়িচি, লেটপাও হাউকিপ আৰু এল জয়ন্ত কুমাৰ সিঙৰে অমিত শ্বাহ এলানি আলোচনাত মিলিত হয়। বিজেপিৰ ৰাষ্ট্রীয় সভাপতি জে পি নাড্ডাকো সাক্ষাৎ কৰে দলটোৱে।

বৈঠকৰ অনন্ত অপেক্ষাৰত সাংবাদিকক একো কথা সদৰি নকৰি শৰ্মা, চাংমা আৰু চাৰি বিধায়ক পোনে পোনে বিমানবন্দৰলৈ ৰাওনা হয়।

অৱশ্যে বৈঠকৰ অন্তত হিমন্ত বিশ্ব শৰ্মাই টুইট কৰি কয় – অমিত শ্বাহৰে বৈঠকৰ পিছত এনপিপি আৰু বিজেপি দলে মণিপুৰৰ উন্নয়নৰ কাৰণে একেলগে কাম কৰি যোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে। শর্মাৰ টুইটৰ পাছত মণিপুৰৰ ৰাজনৈতিক সংকটৰ অন্ত পৰিল আৰু বিজেপি চৰকাৰৰ পতন নহয় বুলি ধৰি ল’ব পাৰি।

বিসম্বাদৰ নেতৃত্ব দিয়া ওয়াই জয়কুমাৰ আৰু এন বীৰেন সিঙৰ ৰাজনৈতিক শত্রুতা পুৰণি বুলি ক’ব খোজে মণিপুৰৰ স্বতন্ত্ৰ ৰাজনৈতিক বিশ্লেষকসকলে। মুখ্যমন্ত্ৰীয়ে জয়কুমাৰৰ বহুকেইটা বিভাগ আঁতৰাই আনি তেওঁক শক্তিহীন কৰি তুলিছিল। জয়কুমাৰ অৱসৰপ্ৰাপ্ত IPS বিষয়া আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী ওক্ৰাম ইববী সিঙৰ কাৰ্যকালত ভালেমান দিন ৰাজ্যৰ আৰক্ষী সঞ্চালকপ্ৰধান হৈ আছিল।




First published: June 24, 2020, 10:27 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি