• Home
  • »
  • News
  • »
  • nation
  • »
  • Manipur Landslide: বাঢ়িয়ে আছে মৃতকৰ সংখ্যা! মণিপুৰৰ ভূমিস্খলনৰ স্থানত আৰু ৮টা মৃতদেহ উদ্ধাৰ

Manipur Landslide: বাঢ়িয়ে আছে মৃতকৰ সংখ্যা! মণিপুৰৰ ভূমিস্খলনৰ স্থানত আৰু ৮টা মৃতদেহ উদ্ধাৰ

বৃহস্পতিবাৰে ৮জন আৰু শনিবাৰে শুকুৰবাৰে ১৩জনৰ মৃতদেহ উদ্ধাৰ হৈছে বুলি জনায় এজন কৰ্মচাৰীয়ে।

বৃহস্পতিবাৰে ৮জন আৰু শনিবাৰে শুকুৰবাৰে ১৩জনৰ মৃতদেহ উদ্ধাৰ হৈছে বুলি জনায় এজন কৰ্মচাৰীয়ে।

বৃহস্পতিবাৰে ৮জন আৰু শনিবাৰে শুকুৰবাৰে ১৩জনৰ মৃতদেহ উদ্ধাৰ হৈছে বুলি জনায় এজন কৰ্মচাৰীয়ে।

  • Share this:
মণিপুৰৰ ননি জিলাত ৰে’লৰ এক নিৰ্মাণস্থলীত ভূমিস্খলনৰ ঘটনাত শনিবাৰে ধ্বংসস্তুপৰ তলৰ পৰা আৰু ৮টা মৃতদেহ উদ্ধাৰ কৰা হয়। ইয়াকে ধৰি মণিপুৰত এই ভূমিস্খলনৰ ফলত মৃতকৰ সংখ্যা ২৯জনলৈ বৃদ্ধি পালে। ২৯ জুনৰ নিশা টুপুল য়াৰ্ডত ৰে’লৰ নিৰ্মাণ কেম্পত ব্যাপক ভূমিস্খলনৰ ফলত ৩৪জন এতিয়াও নিখোঁজ হৈ থকা বুলি জানিব পৰা গৈছে। প্ৰতিকুল বতৰৰ বাবে ব্যাহত হৈছে উদ্ধাৰকাৰ্য। শনিবাৰে উদ্ধাৰ হোৱা ৮টা মৃতদেহৰ ভিতৰত পাঁচজনেই টেৰিটৰিয়েল আৰ্মীৰ কৰ্মী আৰু এজন নিৰ্মাণ প্ৰতিষ্ঠানৰ কৰ্মচাৰী। বাকী দুজনৰ পৰিচয় লাভ কৰিব পৰা হোৱা নাই।

বৃহস্পতিবাৰে ৮জন আৰু শনিবাৰে শুকুৰবাৰে ১৩জনৰ মৃতদেহ উদ্ধাৰ হৈছে বুলি জনায় এজন কৰ্মচাৰীয়ে। তেওঁ জনায়, দুটা নিৰ্মাণ প্ৰতিষ্ঠানৰ ১৪জন কৰ্মচাৰী, পাঁচজন গাঁওবাসী আৰু ৰে’লৰ তিনিজনসহ মুঠ ৩৪জন এতিয়াও নিখোঁজ হৈ আছে। উদ্ধাৰকাৰী দলসমূহক সতৰ্কতা বজাই ৰাখি কাম কৰাৰ পৰামৰ্শ দিয়া হৈছে। শনিবাৰে পুৱাৰে পৰা পুনৰ বৰষুণৰ বাবে উদ্ধাৰকাৰ্য ব্যাহত হয়।
Published by:Sanjay Kumar Das
First published: