• Home
  • »
  • News
  • »
  • nation
  • »
  • Manipur Landslides: মণিপুৰৰ ভয়ংকৰ ভূমিস্খলনত মৃত্যু সেনা জোৱান সঞ্জয় দেৱনাথৰ

Manipur Landslides: মণিপুৰৰ ভয়ংকৰ ভূমিস্খলনত মৃত্যু সেনা জোৱান সঞ্জয় দেৱনাথৰ

Manipur Landslides: বৃহস্পতিবাৰে মণিপুৰৰ টুপুল ৰে’ল ষ্টেচনৰ সমীপত সংঘটিত হৈছিল এই ভয়ংকৰ ভূমিস্খলন। ১০৭ নং টেৰিটৰিয়েল আৰ্মীৰ এটা শিবিৰ আছিল টুপুলত।

  • Share this:
মণিপুৰত সংঘটিত ভূমিস্খলন (Manipur Landslides)ত শোকাৱহ মৃত্যুক আঁকোৱালি ল'লে ভাৰতীয় সেনাবাহিনীত কৰ্মৰত ত্ৰিপুৰাৰ সন্তান সঞ্জয় দেৱনাথে (Sanjay Debnath)। বৃহস্পতিবাৰে মণিপুৰৰ টুপুল ৰে’ল ষ্টেচনৰ সমীপত সংঘটিত হৈছিল এই ভয়ংকৰ ভূমিস্খলন। ১০৭ নং টেৰিটৰিয়েল আৰ্মী (Territorial Army)ৰ এটা শিবিৰ আছিল টুপুলত। তাত ৰেলপথ নিৰ্মাণৰ কাম চলি আছিল আৰু তাতেই নিৰাপত্তাৰ দায়িত্বত আছিল সঞ্জয় দেৱনাথৰ লগতে আন কেইবাজনো সেনা জোৱান।

জিৰিবামৰ পৰা ইম্ফললৈ নিৰ্মাণৰত ৰেলপথ সুৰক্ষিত কৰিবলৈ টুপুল ৰেল ষ্টেচনৰ সমীপত নিৰাপত্তাৰ বাবে সৈন্য মোতায়েন কৰা হৈছিল। কিন্তু বৃহস্পতিবাৰে হোৱা ভূমিস্খলন (Landslide)ত সেনা শিবিৰ ধাহি-মুহি লৈ যায় বোকা মাটিৰ ঢলে।

এই পৰ্যন্ত এই ঘটনাত নিহত হৈছে ৮১ জন লোক। ইয়াৰে ১৮ জন টেৰিটৰিয়েল আৰ্মীৰ জোৱান। প্ৰায় ৫৫ জন এতিয়াও ধ্বংসাৱশেষৰ মাজত আবদ্ধ হৈ আছে। ইতিমধ্যে উদ্ধাৰ অভিযানৰ বাবে সৈন্য মোতায়েন কৰা হৈছে। এই ভূমিস্খলনত ত্ৰিপুৰা (Tripura)ৰ চিপাহীজালা জিলাৰ জোৱান সঞ্জয় দেৱনাথৰ মৰ্মান্তিক মৃত্যু হয়।  বীৰসেনা জৱান সঞ্জয় দেৱনাথৰ শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে সকলোৱে।
Published by:Manjumoni Borah
First published:

শেহতীয়া বাতৰি