মুখ্যপৃষ্ঠা » খবৰ

» দেশ

»Mirabai Chanu : মীৰাবাই চানুক অতিৰিক্ত আৰক্ষী অধীক্ষক পদত নিযুক্তি দিব মণিপুৰ চৰকাৰে, ঘোষণা মুখ্যমন্ত্ৰী এন বীৰেন সিঙৰ

Mirabai Chanu : মীৰাবাই চানুক অতিৰিক্ত আৰক্ষী অধীক্ষক পদত নিযুক্তি দিব মণিপুৰ চৰকাৰে, ঘোষণা মুখ্যমন্ত্ৰী এন বীৰেন সিঙৰ

News18 Assam | News18-Assam
Updated:July 26, 2021, 5:00 PM IST
Mirabai Chanu : মীৰাবাই চানুক অতিৰিক্ত আৰক্ষী অধীক্ষক পদত নিযুক্তি দিব মণিপুৰ চৰকাৰে, ঘোষণা মুখ্যমন্ত্ৰী এন বীৰেন সিঙৰ
এন বীৰেন সিঙে কয় যে মীৰাবাই চানুক চৰকাৰে ঘোষণা কৰা অনুসৰি ১ কোটি টকাৰে পুৰস্কৃতও কৰা হ'ব।

এন বীৰেন সিঙে কয় যে মীৰাবাই চানুক চৰকাৰে ঘোষণা কৰা অনুসৰি ১ কোটি টকাৰে পুৰস্কৃতও কৰা হ'ব।

  • Share this:
মণিপুৰ চৰকাৰে টকিঅ’ অলিম্পিকত ইতিহাস ৰচা ‍ভাৰোত্তোলক মীৰাবাই চানুক প্ৰদান কৰিব অতিৰিক্ত আৰক্ষী অধীক্ষক পদ। এই ঘোষণা কৰিছে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙে।

এন বীৰেন সিঙে কয় যে মীৰাবাই চানুক চৰকাৰে ঘোষণা কৰা অনুসৰি ১ কোটি টকাৰে পুৰস্কৃতও কৰা হ'ব। মুখ্যমন্ত্ৰীয়ে লগতে কয় যে অলিম্পিয়ান জুডোকা লিকমাবাম (লিকমাবাম সুশীলা দেৱী)ক কনিষ্টবল পদৰ পৰা উপ-পৰিদৰ্শকলৈ পদোন্নতি দিয়া হ'ব।

তেওঁ কয় যে সকলো অংশগ্ৰহণকাৰীক ২৫ লাখ টকা কৈ দিয়া হ'ব। মুখ্যমন্ত্ৰীয়ে লগতে ঘোষণা কৰে যে ৰাজ্য চৰকাৰে শীঘ্ৰেই ৰাজ্যখনত এখন বিশ্বমানৰ ভাৰোত্তোলন একাডেমী স্থাপন কৰাৰ সিদ্ধান্ত লৈছে।
Published by: Sanjay Kumar Das
First published: July 26, 2021, 5:00 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি