আজি মণিপুৰত বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ। ইম্ফলকে ৫খন জিলাৰ ৩৮টা সমষ্টিত অব্যাহত ভোটগ্ৰহণ। আজি ১৭৩জন প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব ভোটাৰে। ইয়াৰ ভিতৰত ১৫গৰাকী মহিলাই আগবঢ়াইছে প্ৰতিদ্বন্দ্বিতা। ৫ মাৰ্চত ২২টা সমষ্টিত হ’ব দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন।
পুৱাই ভোটদান কৰিলে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙে। মণিপুৰৰ শ্ৰীভান হাইস্কুলৰ ভোটকেন্দ্ৰত পুৱাই পত্নীসহ ভোটদান কৰিলে মুখ্যমন্ত্ৰী এন বীৰেন সিঙে। এই নিৰ্বাচনত মুখ্যমন্ত্ৰীগৰাকীয়ে হিংগাং সমষ্টিৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হৈছে। আনহাতে, উপ–মুখ্যমন্ত্ৰী য়ুমনাম জয়কুমাৰ সিঙে উৰিপোকৰ পৰা আগবঢ়াইছে প্ৰতিদ্বন্দ্বিতা। ইফালে, বিধানসভাৰ অধ্যক্ষ ৱাই খেমচান্দ সিঙে ছিংজামেই সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছে।
আনহাতে, মণিপুৰৰ ৰাজ্যপাল লা গণেশনে ইম্ফলৰ তামফাছানা গাৰ্লছ হাইস্কুলত নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰে। তেওঁ কয়, মই মণিপুৰৰ জনতালৈ অনুৰোধ জনাইছে যে সকলোৱে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰক, কিয়নো নিৰ্বাচন আমাৰ দেশৰ সুস্থ গণতন্ত্ৰৰ প্ৰতীক।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|