Manipur By-Election 2020 Results: মঙলবাৰে মণিপুৰ বিধানসভাৰ চাৰিখন আসনৰ উপ নিৰ্বাচনৰ ফলাফল

News18 Assam | News18-Assam
Updated:November 9, 2020, 12:48 PM IST
Manipur By-Election 2020 Results: মঙলবাৰে মণিপুৰ বিধানসভাৰ চাৰিখন আসনৰ উপ নিৰ্বাচনৰ ফলাফল
ভাগ্য নিৰ্ধাৰণ হ’ব ১১জন প্ৰাৰ্থীৰ।

ভাগ্য নিৰ্ধাৰণ হ’ব ১১জন প্ৰাৰ্থীৰ।

  • Share this:
Manipur By-Election 2020: মণিপুৰ বিধানসভাৰ চাৰিখন আসনৰ উপ নিৰ্বাচনৰ ফলাফল মঙলবাৰে ঘোষণা হ’ব। কটকটীয়া নিৰাপত্তা আৰু ক’ভিড-19 প্ৰট’কল ৰক্ষা কৰি অনুষ্ঠিত হোৱা মণিপুৰ বিধানসভাৰ চাৰিওখন আসনত মুঠ ১১জন প্ৰাৰ্থীৰ ভাগ্য বন্দী হৈছে। থাওবাল জিলাৰ লিলং আৰু ৱাংজিং তেণ্ঠা তথা কাংগপৌকপীৰ সেইতু আৰু পশ্চিম ইম্ফলৰ ৱাংগই আসন কংগ্ৰেছৰ বিধায়কৰ পদত্যাগৰ কাৰণে খালী হৈছিল। কংগ্ৰেছ ত্যাগ কৰি বিধায়ককেইজন বিজেপিত যোগদান কৰিছিল।

শাসনাধীষ্ঠিত বিজেপিয়ে মণিপুৰ উপ নিৰ্বাচনত মুঠ তিনিখন আসনত প্ৰতিদ্বন্দ্বীতা কৰাৰ লগতে চতুৰ্থখন আসনত এজন নিৰ্দলীয় প্ৰাৰ্থীৰ সমৰ্থন কৰিছে। আনহাতে কংগ্ৰেছে চাৰিওখন আসনতে প্ৰাৰ্থিত্ব দিছে।

ৱাংখাই সমষ্ঠিত বিজেপিৰ ঐনাম লুখই আৰু কংগ্ৰেছৰ চালেম জয় মুখ্য প্ৰতিদ্বন্দ্বী।

লিলং সমষ্টিত বিজেপিয়ে সমৰ্থন কৰা নিৰ্দলীয় প্ৰাৰ্থী মহম্মদ আব্দুল নাচিৰ আৰু আন এজন নিৰ্দলীয় প্ৰাৰ্থী ৱাই আনটাজ খান মুখ্য প্ৰতিদ্বন্দ্বী।

সেইতু সমষ্টিত বিজেপিৰ নামথাং হাওকিপ আৰু কংগ্ৰেছৰ লামটিংথাং হাওকিপ মুখামুখি হৈছে।

আনহাতে ৱাংজিঙত বিজেপিৰ পাওনাম ব্ৰজেন আৰু কংগ্ৰেছৰ এম হেমন্তৰ মাজত মূল যুঁজ।
First published: November 9, 2020, 12:48 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি