অশান্তজৰ্জৰ হৈ পৰা ম্যানমাৰৰ শংকিত নাগৰিকে এতিয়া দেশ এৰি ভাৰতলৈ পলায়ন কৰিবলৈ বাধ্য হৈছে ৷ এনে পৰিস্থিতিত এতিয়া ম্যানমাৰৰ নাগৰিকৰ ভাৰতলৈ সোঁত বোৱা দেখি স্তম্ভিত হৈ পৰিছে মণিপুৰ চৰকাৰ ৷ যাৰ বাবে এতিয়া এই লোকসকলৰ প্ৰৱেশ নিষিদ্ধ কৰাৰ নিৰ্দেশ প্ৰদান কৰিছে মণিপুৰ চৰকাৰে। ইতিমধ্যে এই নিৰ্দেশক লৈ ৰাজ্যখনৰ সীমান্তৱৰ্তী ৫ খনকৈ জিলাৰ আয়ুক্তলৈ এখন পত্ৰও প্ৰেৰণ কৰা হৈছে। য’ত চৰকাৰে কেৱল মানৱীয় বা চিকিৎসাৰ প্ৰয়োজনীয়তাৰ ওপৰত ভিত্তি কৰিহে ম্যানমাৰৰ নাগৰিকক ভাৰতত প্ৰৱেশ কৰিবলৈ দিয়াৰ কথা উল্লেখ কৰিছে। কিয়নো চৰকাৰে আশংকা কৰিছে যে ম্যানমাৰৰ বহু নাগৰিকে এতিয়া শৰণাৰ্থী হিচাপে ভাৰতত প্ৰৱেশ কৰিবলৈ চেষ্টা চলাব পাৰে।
মণিপুৰৰ গৃহ সচিব এইচ জ্ঞান প্ৰকাশৰ দ্বাৰা লিখা পত্ৰখনত কোৱা হৈছে যে ম্যানমাৰত গণতন্ত্ৰক বৰ্জন দি সেনাই শাসনভাৰ লোৱাৰ পিছতে শংকাত ভোগা দেশখনৰ বহু নাগৰিকে ভাৰতত প্ৰৱেশ কৰিবলৈ চেষ্টা চলাই আছে। তেনেস্থলত জিলাসমূহক নিৰ্দেশ দিয়া হৈছে যাতে এই লোকসকলক ভাৰতত প্ৰৱেশ কৰিবলৈ নিদিয়ে। লগতে শৰণাৰ্থীসকলৰ বাবে সাহায্য শিৱিৰ নিৰ্মাণ অথবা খাদ্য, পানীৰ ব্যৱস্থা নকৰিবলৈও নিৰ্দেশ দিয়া হৈছে। যদি তেওঁলোকে আশ্ৰয় ল’বলৈ আহে, তেন্তে হাত জোৰ কৰি তেওঁলোকক ঘূৰাই পঠাবলৈও কোৱা হৈছে। আনহাতে মঙলবাৰলৈকে সকলো জিলাৰ পৰা এই সন্দৰ্ভত প্ৰতিবেদনো বিচৰা হৈছে। লক্ষ্যণীয় যে ভাৰত আৰু ম্যানমাৰৰ মাজত প্ৰায় ১৬৪৩ কিলোমিটাৰৰ সীমা আছে।
মিজোৰামৰ বিষয়াসকলে সোমবাৰে কয় যে ম্যানমাৰত ফেব্ৰুৱাৰীত সেনাই শাসনভাৰ লোৱাৰ পিছৰে পৰাই মণিপুৰত শৰণাৰ্থীৰ সংখ্যা ১ হাজাৰ অতিক্ৰম কৰিছে। এতিয়ালৈকে কমেও ১০০জন লোকক তেওঁলোকৰ দেশলৈ বিতাড়িত কৰা হৈছে ৷ কিন্তু তেওঁলোকে পুনৰ ভাৰতৰ সীমান্তলৈ ঘূৰি অহাৰ চেষ্টা কৰি আছে। তথ্য অনুসৰি, অধিকাংশ লোকেই সীমান্তৱৰ্তী গাঁৱত বাস কৰি আছে আৰু স্থানীয় বেচৰকাৰী সংগঠনে তেওঁলোকক সহায় কৰি আছে৷ আন একাংশ লোকে তেওঁলোকৰ আত্মীয়ৰ ঘৰতো বাস কৰি আছে।