মুখ্যপৃষ্ঠা »খবৰ »দেশ »ULFA (I)-এ কাৰ কাৰ সৈতে এম্বুছ কৰে আৰু কেনেকৈ কৰে? মণিপুৰৰ এম্বুছে কি তাত্‍পৰ্য বহন কৰিছে?

ULFA (I)-এ কাৰ কাৰ সৈতে এম্বুছ কৰে আৰু কেনেকৈ কৰে? মণিপুৰৰ এম্বুছে কি তাত্‍পৰ্য বহন কৰিছে?

তথ্য মতে ULFA-Iএ NSCN-Kৰ সৈতে সুকীয়াকৈ, RPFৰে সুকীয়াকৈ, CoCOMৰে সুকীয়াকৈ, UNLFWৰে সুকীয়াকৈ এম্বুছ কৰাৰ বাবে বুজিবুজিত আছে ৷

তথ্য মতে ULFA-Iএ NSCN-Kৰ সৈতে সুকীয়াকৈ, RPFৰে সুকীয়াকৈ, CoCOMৰে সুকীয়াকৈ, UNLFWৰে সুকীয়াকৈ এম্বুছ কৰাৰ বাবে বুজিবুজিত আছে ৷

  • Share this:
পৰেশ বৰুৱা নেতৃত্বাধীন ULFA-Iৰ সক্ৰিয়তা বৃহস্পতিবাৰে পুনৰ চৰ্চাৰ কেন্দ্ৰ হৈ পৰিল ৷ ২০১৯ৰ জানুৱাৰী ২৮ৰ পৰা ম্যানমাৰৰ টাগা আৰু ইয়াৰ পাৰ্শ্ব্ৱ্তী অঞ্চলত চলোৱা অভিযানত ULFA-Iৰ কঁকাল ভাঙি গ'ল বুলি চলিছিল চৰ্চা ৷ বিশেষ বিশেষজ্ঞমহলে দাবী কৰে যে ম্যানমাৰৰ ছাগায়িঙ প্ৰদেশত নিঃশেষ হোৱা মানেই শেষ ULFA-Iৰ লগতে NSCN-K, মণিপুৰৰ RPF/PLA, UNLF, KCP-N, KYKL আদি সশস্ত্ৰ সংগঠনসমূহৰ ৷

কিন্তু বুধবাৰে মণিপুৰৰ ম্যানমাৰ সীমান্তৱৰ্তী চাণ্ডেলত সংঘটিত এম্বুছটোৱে পুনৰ চৰ্চাৰ বিষয় কৰি তুলিলে ULFA-Iকে প্ৰমুখ্যে কৰি ম্যানমাৰত আশ্ৰয় লৈ থকা সশস্ত্ৰ বিদ্ৰোহী সংগঠনসমূহক  ৷ ম্যানমাৰৰ মণিপুৰ সীমান্তৱৰ্তী অঞ্চলত সাধাৰণতে পৰেশ বৰুৱা নেতৃত্বাধীন ULFA-Iৰ গেৰিলা গোটে আশ্ৰয় নলয় ৷ কিন্তু বিশেষ অভিযান বা মিছনৰ বাবে মুখ্য সেনাপ্ৰধানৰ নিৰ্দেশত সেই অঞ্চললৈ CMHQ বা অন্যান্য বেটেলিয়নৰ পৰা ULFA-Iৰ গেৰিলা যায় মণিপুৰৰ দিশে ৷ বুধবাৰে নিশা আছাম ৰাইফলচৰ অভিযানকাৰী গোটৰ ওপৰত সংঘটিত এম্বুছৰ পিছত এক সুত্ৰই সদৰি কৰে এই কথা ৷ সুত্ৰটোৰ মতে ২০১৮ৰ শেষৰ ফালেই ভাৰতীয় নিৰাপত্তা বাহিনীৰ ওপৰত আক্ৰমণৰ ব্লুপ্ৰিণ্ট প্ৰস্তুত কৰিছিল মণিপুৰৰ ৰিভলিউছনাৰী পিপ'লছ ফ্ৰণ্টৰ সৈতে ULFA-Iএ ৷ সেই ব্লুপ্ৰিণ্ট কাৰ্যকৰী নহ'ল ৷ পৰৱৰ্তী সময়ত বিগত বৰ্ষত অৰ্থাৎ ২০১৯ত বাৰ্মিজ সেনাই কথিত ইষ্ট্ৰাৰ্ণ নাগালেণ্ডত চলোৱা ধাৰাবাহিক আক্ৰমণৰ বাবে সম্ভৱ হৈ নুঠিল সেই ব্লুপ্ৰিণ্ট ৷
ইয়াৰ পিছত বুধবাৰৰ সন্ধিয়া সংঘটিত হ'ল ভয়ংকৰ এম্বুছটো ৷ এই এম্বুছত তিনিজন আছাম ৰাইফলচৰ জোৱান নিহত হোৱাৰ লগতে ছজন আহত হৈছে ৷ এই এম্বুছ সন্দৰ্ভত বৃহস্পতিবাৰে ULFA-I, RPF আৰু MNPFয়ে দায়িত্ব স্বীকাৰ কৰিছে ৷

পিছে ULFA-Iএ কাৰ কাৰ সৈতে অভিযান চলাই? এই সন্দৰ্ভত ULFA-Iৰ মুখ্য সেনাধ্যক্ষ তথা সংগঠনৰ উপ-সভাপতি পৰেশ বৰুৱাক এবাৰ আমি প্ৰশ্ন কৰাত তেওঁ স্পষ্ট কৰি দিছিল যে পশ্চিম দক্ষিণ পূব এছিয়াৰ স্বাধীনতাকামী সকলো সশস্ত্ৰ সংগঠনৰ সৈতেই আছে ULFA-Iৰ বুজাবুজি ৷ সেই হিচাপত চলাই ভাৰতীয় নিৰাপত্তা বাহিনীৰ ওপৰত আক্ৰমণ ৷ আমাৰ হাতত পৰা তথ্য মতে ULFA-Iএ NSCN-Kৰ সৈতে সুকীয়াকৈ, RPFৰে সুকীয়াকৈ, CoCOMৰে সুকীয়াকৈ, UNLFWৰে সুকীয়াকৈ এম্বুছ কৰাৰ বাবে বুজিবুজিত আছে ৷



এই হিচাপতে বুধবাৰৰ এম্বুছটো মণিপুৰৰ চাণ্ডেলত সংঘটিত কৰে ৷ কথা হ'ল- MNPFৰ প্ৰসংগটো ৷ মণিপুৰী নগা সশস্ত্ৰ বিদ্ৰোহী সংগঠন MNPF কিমান শক্তিশালী? আছাম ৰাইফলচৰ ওপৰত আক্ৰমণ কৰাৰ ক্ষমতা আছেনে MNPFৰ? এই সন্দৰ্ভত লাভ কৰা তথ্য মতে RPFৰ মদদপুষ্ট MNPF ৷ RPFএ সকলো ক্ষেত্ৰতে সহায় কৰে মণিপুৰী নগাৰ সশস্ত্ৰ সংগঠনটোক ৷ সেই হিচাপত বুধবাৰৰ চাণ্ডেল এম্বুছত অংশীদাৰী হয় MNPF ৷ লগতে যৌথ দায়িত্ব স্বীকাৰ পত্ৰত MNPFৰ নাম সন্নিবিষ্টই সংগঠনটোক কিছুক্ষেত্ৰত জনাজাত হোৱাত সহায়ক কৰিব ৷

শেহতীয়া বাতৰি