বিবাহ বাৰ্ষিকীৰ দিনাই পত্নীক বৰ্বৰভাৱে প্ৰহাৰ স্বামীৰ, হাত–ভৰি বান্ধি, মুখত টেপ লগাই নিৰ্যাতন, চাওক VIDEO

News18 Assam | News18-Assam
Updated:January 28, 2020, 2:01 PM IST
বিবাহ বাৰ্ষিকীৰ দিনাই পত্নীক বৰ্বৰভাৱে প্ৰহাৰ স্বামীৰ, হাত–ভৰি বান্ধি, মুখত টেপ লগাই নিৰ্যাতন, চাওক VIDEO
মাতৃ পৰিয়ালে বোৱাৰীগৰাকীৰ এটা ভিডিঅ’ প্ৰস্তুত কৰি ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰাৰ লগতে থানাতো এক গোচৰ ৰুজু কৰে।

মাতৃ পৰিয়ালে বোৱাৰীগৰাকীৰ এটা ভিডিঅ’ প্ৰস্তুত কৰি ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰাৰ লগতে থানাতো এক গোচৰ ৰুজু কৰে।

  • Share this:
নিজৰ প্ৰথম বিবাহ বাৰ্ষিকীত এগৰাকী বোৱাৰীক বৰ্বৰভাৱে প্ৰহাৰ কৰিলে শাহু আৰু স্বামীয়ে। ঘটনাটো হিমাচল প্ৰদেশৰ মণ্ডী জিলাৰ। আৰক্ষীয়ে ঘটনা সন্দৰ্ভত এক গোচৰ ৰুজু কৰি শাহু আৰু স্বামীক গ্ৰেপ্তাৰ কৰিছে। জানিব পৰা মতে, ভুক্তভোগী বোৱাৰীগৰাকীৰ পৰিয়ালে এই ঘটনাৰ পিছত নিৰ্মম অত্যাচাৰৰ ভিডিঅ’ বনাই ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে। ভিডিঅ’টো ভাইৰেল হৈছে ছচিয়েল মিডিয়াত।

জানিব পৰা মতে, মণ্ডীৰ থালৌটৰ বাসিন্দা খুছবুৰ ২০১৯ চনৰ ২৬ জানুৱাৰীত পনাৰসা নিবাসী চিৰঞ্জীৱৰ সৈতে বিবাহ হৈছিল। অভিযোগ অনুসৰি, বিয়াৰ পিছৰে পৰা শহুৰ পৰিয়ালে বোৱাৰীগৰাকীৰ ওপৰত অত্যাচাৰ আৰম্ভ কৰিছিল। বোৱাৰীগৰাকীয়ে আৰক্ষীৰ কাষ চপাত শহুৰ পৰিয়ালে সেয়া ঘৰুৱা বিষয় বুলি বুজাবুজি কৰি লৈছিল।

কিন্তু দেওবাৰে বিবাহ বাৰ্ষিকীৰ দিনা বোৱাৰীগৰাকীৰ ওপৰত নিষ্ঠুৰতাৰ সকলো সীমা অতিক্ৰম কৰি নিৰ্মমভাৱে অত্যাচাৰ চলায়। ৰছীৰে বান্ধি মুখত টেপ লগাই অত্যাচাৰ বোৱাৰীগৰাকীৰ ওপৰত চলোৱাৰ অভিযোগ। পিছদিনা বোৱাৰীগৰাকীয়ে মাতৃগৃহত উপস্থিত হৈ সকলো কথা বিৱৰি কয়। মাতৃ পৰিয়ালে বোৱাৰীগৰাকীৰ এটা ভিডিঅ’ প্ৰস্তুত কৰি ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰাৰ লগতে থানাতো এক গোচৰ ৰুজু কৰে।

আৰু চাওক
পৰৱৰ্তী বাতৰি