দেশৰ ক্ৰীড়া পুৰস্কাৰ নিৰ্বাচনী কমিটীত অসমৰ মনালিছা বৰুৱা মেহতা

News18-Assam
Updated:August 1, 2020, 3:03 PM IST
দেশৰ ক্ৰীড়া পুৰস্কাৰ নিৰ্বাচনী কমিটীত অসমৰ মনালিছা বৰুৱা মেহতা
দেশৰ ক্ৰীড়া মন্ত্ৰণালয়ে গঠন কৰি দিয়ে কমিটী খন।

দেশৰ ক্ৰীড়া মন্ত্ৰণালয়ে গঠন কৰি দিয়ে কমিটী খন।

  • Share this:
অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ ক্ৰীড়া ক্ষেত্ৰৰ বাবে সু-খৱৰ। ২০২০ চনৰ ভাৰতবৰ্ষৰ ক্ৰীড়া পুৰস্কাৰ নিৰ্বাচন কৰিবলগীয়া দেশৰ সৰ্বোচ্চ ক্ষমতা সম্পন্ন কমিটীত স্থান লাভ কৰিছে অসমৰ প্ৰথমগৰাকী অৰ্জুন বটা বিজয়ী খেলুৱৈ পেডলাৰ মনালিছা বৰুৱা মেহটা। দেশৰ ক্ৰীড়া মন্ত্ৰণালয়ে গঠন কৰি দিয়ে কমিটী খন।

শুকুৰবাৰে ঘোষণা কৰা কমিটীখনত উচ্চতম ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ মুকণ্ডকা শৰ্মাই অধ্যক্ষৰ দায়িত্ব লাভ কৰিছে। আনহাতে কমিটী খনৰ সদস্য-সদস্যা সকল হ’ল ক্ৰমে অসমৰ পৰা দুবাৰকৈ ১৯৮২, ১৯৮৬ চনৰ এছিয়ান গেমছ খেলা টেবুল টেনিছ খেলুৱৈ মনালিছা বৰুৱা মেহটা, প্ৰাক্তন টীম ইণ্ডিয়াৰ  বিস্ফোৰক বেটছমেন বীৰেন্দ্ৰ ছেহৱাগ, টীম ইণ্ডিয়া হকীৰ প্ৰাক্তন অধিনায়ক চৰ্দাৰ সিং, পেৰা এথলেটিকছৰ দীপা মালিক, বক্সিঙৰ ৱেংকটেশন দেৱৰাজন, ক্ৰীড়া ধাৰাভাষ্যকাৰ মনীষ বাটাভিয়া, ক্ৰীড়া সাংবাদিক আলোক সিন্হা আৰু নীৰু ভাটিয়া।

ছাইৰ সঞ্চালক প্ৰধান সন্দীপ প্ৰধান, ক্ৰীড়া মন্ত্ৰণালয়ৰ যুটীয়া সচিৱ এল এছ সিং আৰু টাৰ্গেট অলিম্পিক পডিয়াম আঁচনিৰ মুখ্য কাৰ্য্যবাহী বিষয়া ৰাজেশ ৰাজাগোপালো আছে খেলৰ পুৰস্কাৰ নিৰ্বাচনী কমিটীখনত।

উল্লেখযোগ্য যে হকীৰ যাদুকৰ ধ্যানচান্দৰ জন্মদিন উপলক্ষে ২৯ আগষ্টৰ ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসত পুৰস্কাৰ সমুহ প্ৰদান কৰা হয়। দেশৰ খেলৰ এই গুৰুত্বপূৰ্ণ কমিটী খনত অসমৰ খেলুৱৈ এগৰাকীয়ে স্থান লাভ কৰাত উৎফুল্লিত হৈ পৰিছে ক্ৰীড়াপ্ৰেমী।
Published by: Himangshu Bhuyan
First published: August 1, 2020, 3:03 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading