পকেটত মাত্ৰ ৩টকা থকা ব্যক্তিয়ে ঘুৰাই দিলে হেৰাই পোৱা ৪০হাজাৰ টকা, দেশজুৰি প্ৰশংসা

ব্যক্তিজনৰ সততাত মুগ্ধ হৈ বেগৰ মালিকে তেওঁক ১হাজাৰ টকা উপহাৰ দিবলৈ বিচাৰিছিল কিন্তু তেওঁ সেই টকা ল’বলৈ অস্বীকাৰ কৰি ল’লে মাত্ৰ ৭টকা। 

News18-Assam
Updated:November 4, 2019, 5:40 PM IST
পকেটত মাত্ৰ ৩টকা থকা ব্যক্তিয়ে ঘুৰাই দিলে হেৰাই পোৱা ৪০হাজাৰ টকা, দেশজুৰি প্ৰশংসা
ব্যক্তিজনৰ সততাত মুগ্ধ হৈ বেগৰ মালিকে তেওঁক ১হাজাৰ টকা উপহাৰ দিবলৈ বিচাৰিছিল কিন্তু তেওঁ সেই টকা ল’বলৈ অস্বীকাৰ কৰি ল’লে মাত্ৰ ৭টকা। 
News18-Assam
Updated: November 4, 2019, 5:40 PM IST
আচৰিত এইখন পৃথিৱী। এফালে টকা–পইচাকে সৰ্বস্ব বুলি ভবা মানুহেৰে যদি দুনীয়াখন ভৰি আছে আনফালে সততা আৰু বিশ্বাসযোগ্যতাৰ নতুন নতুন পাঠ শিকোৱা লোকো নথকা নহয়। এনে এজন ব্যক্তিয়ে এইবাৰ দেশৰ সংবাদশিৰোনাম দখল কৰিছে। এই ব্যক্তিজনৰ পকেটত আছিল মাত্ৰ ৩টকা আৰু তেনে সময়তে তেওঁ হেৰাই পাইছিল এটা ৪০হাজাৰ টকাৰে ভৰ্তি বেগ। কিন্তু ব্যক্তিজনে পৰৰ ধনৰ প্ৰতি লালায়িত হৈ বিচলিত নহৈ টকাৰ আচল মালিকক বিচাৰি উলিয়াই টকাখিনি ঘুৰাই দিয়ে। এই ঘটনাটো পুনেৰ। সতাৰাৰ ৫৪ বছৰীয়া ধানজী জগদালে নামৰ ব্যক্তিজনে দীপাৱলীৰ সময়ত এটা বাছ ষ্টপেজত ৪০হাজাৰ টকাৰে ভৰ্তি এটা বেগ পাইছিল। তেওঁ অশেষ চেষ্টাৰে মালিকজনক বিচাৰি উলিয়াই টকাখিনি ঘুৰাই দিয়ে। এই সততাত মুগ্ধ হৈ বেগৰ মালিকে তেওঁক ১হাজাৰ টকা উপহাৰ দিব বিচাৰিছিল যদিও ধানজীয়ে এই টকাও নলৈ মাত্ৰ ৭টকা লয়। তেওঁৰ পকেটত সেই সময়ত মাত্ৰ ৩টকা আছিল আৰু সতাৰাৰ পৰা তেওঁৰ ঘৰ মান টাকুলাৰ পিংগালী গাঁৱলৈ যাবলৈ বাছৰ ভাৰা লাগে ১০টকা। তেওঁক বাছৰ টিকট ক্ৰয় কৰিবলৈ প্ৰয়োজন হোৱা অতিৰিক্ত ৭টকাহে তেওঁ বেগৰ মালিকৰ পৰা লয়।

সংবাদমাধ্যমৰ আগত তেওঁ কয়,

মই বেগটো পোৱাৰ লগে লগে ওচৰে পাজৰে থকা মানুহক সোধা–পোচা কৰো। তেনেকুৱাতে মই দেখা পাওঁ যে এজন ব্যক্তিয়ে চিন্তিত হৈ কিবা বিচাৰি আছে। মই বুজি পালো যে হেৰুৱা বেগ আচলতে সেইজন ব্যক্তিৰে।

যিজন ব্যক্তিৰ টকা তেওঁ পত্নীৰ অপাৰেশ্যনৰ কাৰণে ধনখিনি নিছিল।

এই ঘটনাৰ পিছতে তেওঁক স্থানীয় বিধায়ক, প্ৰশাসন সকলোৱে সম্বৰ্ধনা জনায় কিন্তু ব্যক্তিজনে কাৰোপৰা নগদ ধনৰ উপহাৰ ল’বলৈ অস্বীকাৰ কৰে।
আৰু চাওক পৰৱৰ্তী বাতৰি