বিয়াৰ প্ৰস্তাৱত সন্মতি নিদিয়া বাবে প্ৰেমিকাক চলন্ত ৰে’লৰ আগত পেলাই দিয়াৰ চেষ্টা প্ৰেমিকৰ, চাওক শিহৰণকাৰী ভিডিঅ’

প্ৰথমে যুৱকজনে ৰে’লৰ আগত জঁপিওৱাৰ নাটক কৰে আৰু তাৰ পিছত যুৱতীগৰাকীক টানি নি চলন্ত ৰে’লৰ তলত পেলাই দিবলৈ চেষ্টা চলায়।
প্ৰথমে যুৱকজনে ৰে’লৰ আগত জঁপিওৱাৰ নাটক কৰে আৰু তাৰ পিছত যুৱতীগৰাকীক টানি নি চলন্ত ৰে’লৰ তলত পেলাই দিবলৈ চেষ্টা চলায়।
- News18 Assam
- Last Updated: February 21, 2021, 5:44 PM IST
এই ঘটনাত কথমপি প্ৰাণ ৰক্ষা পৰে যুৱতীগৰাকীৰ। ৰে’লৰ আগত টানি পেলাই দিবলৈ চেষ্টা কৰাত যুৱতীগৰাকীৰ মাতৃয়ে কোনোমতে টানি ৰাখে যুৱতীগৰাকীক।
প্ৰথমে যুৱকজনে ৰে’লৰ আগত জঁপিওৱাৰ নাটক কৰে আৰু তাৰ পিছত যুৱতীগৰাকীক টানি নি চলন্ত ৰে’লৰ তলত পেলাই দিবলৈ চেষ্টা চলায়।
যুৱতীগৰাকী খাৰ ষ্টেচনলৈ আহিব বুলি জানিব পাৰি ষ্টেচনত উপস্থিত হৈছিল যুৱকজন। প্ৰথমে নিজে অহা ৰে’লখনৰ পৰা জঁপিওৱাৰ নাটক কৰে যুৱকজনে। তাৰ পিছতে যুৱতীগৰাকী অহা ৰে’লখনৰ পৰা যুৱতীগৰাকীক টানি নমাই আনি ৰে’লৰ আগত পেলাই দিয়াৰ চেষ্টা কৰে। এই চেষ্টা বিফল হোৱাত সেই স্থানৰ পৰা পলায়ন কৰে যুৱকজনে।
मुंबई : एकतरफा प्यार में पागल लड़के ने लड़की को ट्रेन के नीचे फेकने की कोशिश की, लड़की ने शादी से किया था इंकार pic.twitter.com/k8HX0p2dgP
— @HindiNews18 (@HindiNews18) February 21, 2021
এই সমগ্ৰ ঘটনা চিচিটিভিত বন্দী হৈ ৰয়। অভিযুক্তৰ বিৰুদ্ধে ৰুজু কৰা হৈছে এটা গোচৰ। পূৰ্বেও যুৱতীগৰাকীয়ে যুৱকজনৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰিছিল।