ছলমান খানক হত্যাৰ ভাবুকি, আৰক্ষীৰ জালত পৰিল অভিযুক্ত জেকী

পোষ্টটোত তেওঁ ছলমান খানক ভাবুকি প্ৰদান কৰি লিখিছিল – ‘ছলমানক তেওঁৰ ভুলৰ বাবে আদালতে কি শাস্তি দিব, মই তেওঁৰ প্ৰাণ ল’ম, তেওঁক শাস্তি মই দিম।’

News18-Assam
Updated:October 3, 2019, 11:36 AM IST
ছলমান খানক হত্যাৰ ভাবুকি, আৰক্ষীৰ জালত পৰিল অভিযুক্ত জেকী
Photo : koimoi.com
News18-Assam
Updated: October 3, 2019, 11:36 AM IST
বলীউদৰ জনপ্ৰিয় অভিনেতা ছলমান খানক হত্যাৰ ভাবুকি। ছচিয়েল মিডিয়াযোগে এই ভাবুকি প্ৰদান কৰা হৈছে ছলমানক। ছচিয়েল মিডিয়াত ভাবুকিৰ এই পোষ্ট ভাইৰেল হৈ পৰাৰ পিছতে ব্যৱস্থা গ্ৰহণ কৰে জোধপুৰ আৰক্ষীয়ে। আচৰিত কথাটো হ’ল ছলমানক ভাবুকি দিয়া যুৱক গ্ৰেপ্তাৰ হ’ল গাড়ীৰ চুৰিৰ অভিযোগত। যুৱকজনক গ্ৰেপ্তাৰ কৰাৰ পিছত পোহৰলৈ আহে এই কথা। ধৃত যুৱকজনক জেকী বিষ্ণই বুলি চিনাক্ত কৰা হৈছে।

অভিযুক্ত জেকী বিষ্ণয়ে ছচিয়েল মিডিয়াত এটা পোষ্ট শ্বেয়াৰ কৰিছিল। পোষ্টটোত তেওঁ ছলমান খানক ভাবুকি প্ৰদান কৰি লিখিছিল – ‘ছলমানক তেওঁৰ ভুলৰ বাবে আদালতে কি শাস্তি দিব, মই তেওঁৰ প্ৰাণ ল’ম, তেওঁক শাস্তি মই দিম।’ জেকীয়ে এই পোষ্টটো শ্বেয়াৰ কৰাৰ পিছতে ভাইৰেল হৈ পৰে ছচিয়েল মিডিয়াত। কৃষ্ণসাৰ মৃগৰ গোচৰক লৈ এই পোষ্ট কৰিছিল জেকীয়ে। আৰক্ষীৰ মতে, পাব্লিচিটীৰ বাবে যুৱকজনে এই পোষ্ট কৰিছিল।


কিছুদিন পূৰ্বে আৰক্ষীয়ে দুই সন্দেহজনক যুৱকৰ তালাচী লৈছিল। দুয়ো এখন বিলাসী গাড়ীত বহি আছিল। সোধা–পোছাৰ অন্তত জানিব পৰা যায় যে গাড়ীখন চুৰি কৰা আৰু দুয়ো নিচাজাতীয় সামগ্ৰীৰ ব্যৱসায় কৰে। গাড়ীৰ চুৰিৰ সৈতেও জড়িত যুৱক দুজন। আৰক্ষীৰ অনুসন্ধানত পোহৰলৈ আহিল যে দুয়োজন যুৱকৰ মাজৰ জেকী নামৰ যুৱকজনে ছলমান খানক দিছিল হত্যাৰ ভাবুকি।

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।

আৰু চাওক পৰৱৰ্তী বাতৰি