আৰক্ষীৰ মতে, নিহত ব্যক্তিগৰাকীয়ে ছচিয়েল নেচৱৰ্কিং ছাইটত ভিডিঅ’ আপলোড কৰি আছিল। নিজৰ এলেকাত একাংশ বিল্ডাৰে অবৈধ গতিবিধিত লিপ্ত হোৱাৰ অভিযোগ কৰিছিল ৰফিক ছৈয়দে।
- News18
- Last Updated :
মুম্বাই আৰক্ষীয়ে শণিবাৰে প্ৰকাশ কৰে যে ৫৬বছৰীয়া এগৰাকী ব্যক্তিক বান্দ্ৰাৰ এজন স্থানীয় কৰ্পৰেটৰ স্বামীসহ কেইজনমান লোকে ছুৰীৰে আঘাত কৰি হত্যা কৰে। ছচিয়েল মিডিয়াত ব্যক্তিজনে পোষ্ট দিয়াক লৈ তীব্ৰ বাক বিতণ্ডাৰ পিছত এই হত্যাকাণ্ড সংঘটিত হয়।
৩১মে’ৰ নিশা সংঘটিত হয় এই কাণ্ড। আৰক্ষীয়ে এই পৰ্যন্ত সাতজন ব্যক্তিক গ্ৰেপ্তাৰ কৰিছে। আৰক্ষীৰ জালত এইপৰ্যন্ত পৰা নাই কৰ্পৰেটৰৰ স্বামী তথা AIMIMৰ নতা সলীম কুৰেশ্বি।
আৰক্ষীৰ মতে, নিহত ব্যক্তিগৰাকীয়ে ছচিয়েল নেচৱৰ্কিং ছাইটত ভিডিঅ’ আপলোড কৰি আছিল। নিজৰ এলেকাত একাংশ বিল্ডাৰে অবৈধ গতিবিধিত লিপ্ত হোৱাৰ অভিযোগ কৰিছিল ৰফিক ছৈয়দে।
এনেকুৱা এটা পোষ্টত তেওঁ উল্লেখ কৰিছিল যে স্থানীয় কৰ্পৰেটৰো এই কাণ্ডত চামিল হৈ আছে, এই কথাতে ক্ষুব্ধ হৈ পৰে কুৰেশ্বি। আৰক্ষীয়ে কয়, শুকুৰবাৰে ছৈয়দ আৰু কুৰেশ্বিৰ মাজক কাজিয়া হৈছিল আৰু ইয়াৰ মাজতে জাফৰ আলিয়া বাবু ভাই নামৰ ব্যক্তিজনে ছৈয়দক ৰক্ষা কৰিবলৈ চেষ্টা কৰি ব্যৰ্থ হয়।
আৰক্ষীয়ে জনায়ে যে হতাহতিত ছৈয়দ বেয়াকৈ আঘাতপ্ৰাপ্ত হয় আৰু পৰৱৰ্তী সময়ত তেওঁৰ মৃত়্যু হয়।
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|