দিল্লীত প্ৰেমিকাক হত্যা কৰি মৃতদেহ ৩৫ টুকুৰা কৰা ঘটনাই জোকাৰি গৈছে সমগ্ৰ দেশ। এইবাৰ এক অনুৰূপ নৃশংস ঘটনা পোহৰলৈ আহিল মধ্য প্ৰদেশৰ জব্বলপুৰত। প্ৰেমিকাৰ ডিঙি কাটি হত্যা কৰাৰ পিছত সেই ভিডিঅ’ ছচিয়েল মিডিয়াত আপলোড কৰিলে এজন লোকে।
অভিযুক্তৰ দাবী, প্ৰেমিকাৰ বিশ্বাসঘাতকতাৰ শাস্তি দিছে তেওঁ। এতিয়াও অভিযুক্তক গ্ৰেপ্তাৰ কৰিব পৰা নাই আৰক্ষীয়ে। অভিযুক্ত লোকজনৰ নাম অভিজিৎ পাতিদাৰ। নিহত মহিলাগৰাকীৰ নাম শিল্পা ঝাড়িয়া। এই হত্যাৰ ঘটনা কিছুদিন পূৰ্বৰ বুলি প্ৰাথমিকভাৱে জনা গৈছে।
ভাইৰেল হোৱা এই ভিডিঅ’ত অভিজিতক প্ৰথমে কোৱা শুনা গৈছে, ‘বিশ্বাসঘাতকতা কৰা ঠিক নহয়’। ইয়াৰ পিছতে নিজৰ কাষৰ বিছনাত থকা শিল্পাৰ শৰীৰৰ ওপৰৰ পৰা কম্বল গুচাই দিয়ে অভিযুক্তই। দেখা গৈছে ডিঙি কটা অৱস্থাত পৰি আছে মহিলাগৰাকী।
আন এটা ভিডিঅ’ত নিজকে পাটনাৰ ব্যৱসায়ী বুলি পৰিচয় দি অভিজিতে কোৱা শুনা গৈছে, জিতেন্দ্ৰ কুমাৰ নামৰ তেওঁৰ ব্যৱসায়িক পাৰ্টনাৰৰ সৈতেও সম্পৰ্ক গঢ়িছিল শিল্পাই।
অভিজিতৰ দাবী, শিল্পাই জিতেন্দ্ৰৰ পৰা প্ৰায় ১২ লাখ টকা ধাৰ কৰিছিল। ইয়াৰ পিছত জবলপুৰলৈ পলাই আহে। জিতেন্দ্ৰই কথাতে তেওঁ ২৫ বছৰীয়া শিল্পাক হত্যা কৰিছে বুলি দাবী কৰিছে অভিজিতে।
তৃতীয় ভিডিঅ’ এটাত অভিজিতে পুনৰ শিল্পাক কোৱা শুনা গৈছে, ‘বাবু, ইয়াৰ পিছত আমাৰ স্বৰ্গত দেখা হ’ব।’
আৰক্ষীয়ে জনাইছে, পাটনাৰ জিতেন্দ্ৰৰ ঘৰত প্ৰায় এমাহ আছিল অভিজিৎ। তেওঁৰ সন্ধানত মধ্য প্ৰদেশৰ উপৰি বিহাৰ, মহাৰাষ্ট্ৰ আৰু গুজৰাটত অভিযান চলাইছে আৰক্ষীয়ে। জানিব পৰা মতে, বিগত ৬ নৱেম্বৰত জবলপুৰৰ এক ৰিজ’ৰ্টত ঘৰ বুক কৰিছিল অভিজিতে।
সেই ৰিজ’ৰ্টৰ চিচিটিভি ফুটেজ অনুসৰি, বিগত ৬ নৱেম্বৰত প্ৰথমে অকলে ৰিজ’ৰ্টৰ ঘৰলৈ আহিছিল অভিজিৎ। পিছদিনা এগৰাকী মহিলাই তেওঁক লগ কৰিবলৈ আহে। ইয়াৰ পিছত দুয়ো খোৱা বস্তু অৰ্ডাৰ কৰে। তাৰ কিছু ঘণ্টা পিছতে ঘৰ বন্ধ কৰি অকলে ওলাই যায় অভিজিৎ। ৮ নৱেম্বৰত ঘৰৰ দুৱাৰ ভাঙি মহিলাগৰাকীৰ দেহ পৰি থকা প্ৰত্যক্ষ কৰে ৰিজ’ৰ্ট কৰ্তৃপক্ষই।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|