ভয়ংকৰ! দিন দুপৰতে দিল্লীৰ ৰাজপথত গুলীয়াই হত্যা এজনক, স্থান ত্যাগৰ পূৰ্বে হত্যাকাৰীয়ে ক্লীক কৰিলে ফটো

News18 Assam | News18-Assam
Updated:October 28, 2020, 6:13 PM IST
ভয়ংকৰ! দিন দুপৰতে দিল্লীৰ ৰাজপথত গুলীয়াই হত্যা এজনক, স্থান ত্যাগৰ পূৰ্বে হত্যাকাৰীয়ে ক্লীক কৰিলে ফটো
জানিব পৰা মতে, ঘটনাটো সংঘটিত হৈছিল যোৱা সপ্তাহতে। কিন্তু এতিয়াহে পোহৰলৈ আহিছে ভিডিঅ’টো।

জানিব পৰা মতে, ঘটনাটো সংঘটিত হৈছিল যোৱা সপ্তাহতে। কিন্তু এতিয়াহে পোহৰলৈ আহিছে ভিডিঅ’টো।

  • Share this:
ভয়ংকৰ!  দিন দুপৰতে গুলীয়াই হত্যা এজনক। দিল্লীৰ দ্বাৰকা অঞ্চলত সংঘটিত হৈছে এই ঘটনা। ৰাজপথত খেদি খেদি গুলীয়াই হত্যা কৰিলে এজনক। আনকি হত্যাকাৰীয়ে স্থান ত্যাগৰ পূৰ্বে ক্লীক কৰিলে মৃত লোকজনৰ ফটো। ছচিয়েল মিডিয়াত এতিয়া ভাইৰেল হৈ পৰিছে ভিডিঅ’টো।

জানিব পৰা মতে, ঘটনাটো সংঘটিত হৈছিল যোৱা সপ্তাহতে। কিন্তু এতিয়াহে পোহৰলৈ আহিছে ভিডিঅ’টো। হত্যাকাৰীয়ে মূৰত গুলীয়াই হত্যা কৰে লোকজনক। আৰক্ষীয়ে জনোৱা মতে, দুয়োজন লোকে ব্যক্তিগত কাৰণত কাজিয়াত লিপ্ত হৈছিল। আৰু পৰিণতিত সংঘটিত হয় এই ভয়ংকৰ ঘটনা।



উল্লেখযোগ্য যে,মৃত লোকজনৰ নাম বিকাশ মেহতা বুলি জানিব পৰা গৈছে। আনহাতে ঘটনাত জড়িত থকাৰ সন্দেহত পৱন গেহলট নামৰ এজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।
Published by: Himangshu Bhuyan
First published: October 28, 2020, 3:58 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading