உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • nation
    • »
    • চূড়ান্ত দায়িত্বহীনতা! ভোটাৰ কাৰ্ডত আহিল কুকুৰৰ ফটো

    চূড়ান্ত দায়িত্বহীনতা! ভোটাৰ কাৰ্ডত আহিল কুকুৰৰ ফটো

    কুকুৰৰ ফটোৰে ভোটাৰ আই ডি।

    কুকুৰৰ ফটোৰে ভোটাৰ আই ডি।

    কুকুৰৰ ফটোৰে ভোটাৰ আই ডি।

    • Share this:
    কেতিয়াবা ভুলবশতঃ ভোটাৰ ID কাৰ্ডত ফটো ভুলকৈ অহাৰ কথা আমি সকলোৱে শুনিছো। কিন্তু এইবাৰ এজন ব্যক্তিৰ ভোটাৰ আই ডি কাৰ্ডত ছপা হ’ল কুকুৰৰ ফটো। ৬৪ বছৰীয়া সুনীল কৰ্মকাৰ নামৰ এজন ব্যক্তিয়ে ভোটাৰ আই ডি কাৰ্ডত কুকুৰৰ ফটো ছপা হোৱা দেখি লগে লগে ভুল শুধৰণিৰ বাবে নিৰ্বাচন আয়োগক দাবী জনায়।

    সুনীল কৰ্মকাৰৰ ঘৰ পশ্চিমবংগত। নিজৰ ভোটাৰ আই ডি খনত প্ৰথমে যেতিয়া কুকুৰৰ ফটো প্ৰত্যক্ষ কৰে, লগে লগে হতভম্ব হৈ পৰে ব্যক্তিজন। আনকি এতিয়া এনে বিসংগতি দেখি সুনীল কৰ্মকাৰে নিৰ্বাচন আয়োগৰ বিৰুদ্ধে মানহানিৰ গোচৰ ৰুজু কৰাৰো সিদ্ধান্ত গ্ৰহণ কৰিছে।

    সুনীল কৰ্মকাৰে কয় যে, ‘যেতিয়া ভোটাৰ আই ডি খন লাভ কৰো, তেতিয়া ভোটাৰ আই ডি কাৰ্ডখনত বহু কেইটা ভুল প্ৰত্যক্ষ কৰো। লগে লগে ভুল শুধৰণিৰ বাবে আবেদন কৰো। মঙলবাৰে ভোটাৰ কাৰ্ডখন যেতিয়া লাভ কৰো, দেখো যে, আগৰ ভুল শুদ্ধ হ’ল যদিও, ফটোখনৰ ঠাইত আহিল কুকুৰৰ ফটো। যিয়ে এতিয়া ভোটাৰ আই ডি কাৰ্ড খন দেখিছে, সকলোৱে তাচ্ছিল্য কৰিছে।’
    Published by:Himangshu Bhuyan
    First published: