শনিবাৰে উত্তৰপ্ৰদেশৰ ৰামপুৰত সংঘটিত হৈছে এই ঘটনা।
শনিবাৰে উত্তৰপ্ৰদেশৰ ৰামপুৰত সংঘটিত হৈছে এই ঘটনা।
ভয়ংকৰ ঘটনা! পৰকীয়া প্ৰেমৰ সন্দেহত যৌনাংগ এলুমিনিয়ামৰ তাঁৰেৰে চিলাই দিলে স্বামীয়ে। শনিবাৰে উত্তৰপ্ৰদেশৰ ৰামপুৰত সংঘটিত হৈছে এই ঘটনা। ইতিমধ্যে ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে আটক কৰিছে অভিযুক্ত স্বামীক। আনহাতে মহিলাগৰাকী সংকটজনক অৱস্থাত বৰ্তমান চিকিত্সাধীন হৈ আছে।
ঘটনা অনুসৰি,, স্বামীয়ে দীৰ্ঘদিন ধৰি পত্নীক অন্য পুৰুষৰ সৈতে সম্পৰ্ক থকা বুলি সন্দেহ কৰি আহিছিল। আৰু প্ৰথম অৱস্থাত পত্নীক সত্যতা প্ৰমাণ কৰিবলৈ কৈছিল। আৰু পত্নী মান্তি হোৱাৰ পিছতে স্বামীয়ে মহিলাগৰাকীৰ যৌনাংগ এলুমিনিয়ামৰ তাঁৰেৰে চিলাই দিয়ে। লগে লগে মহিলাগৰাকীৰ যৌনাংগৰে হোৰাহোৰে তেজ ওলাবলৈ ধৰে। পিছত কোনো মতে, মহিলাগৰাকীয়ে নিজৰ মাতৃলৈ ফোন কৰি ঘটনাৰ সন্দৰ্ভত অৱগত কৰে।
ঘটনাৰ সন্দৰ্ভত মাতৃয়ে মহিলাগৰাকীৰ স্বামীৰ বিৰুদ্ধে মালিক আৰক্ষী চকীত এজাহাৰ দাখিল কৰে। আৰু শনিবাৰে নিশা আৰক্ষীয়ে লোকজনক গ্ৰেপ্তাৰ কৰে। বৰ্তমান মহিলাগৰাকীৰ স্বাস্থ্যৰ অৱস্থা অত্যন্ত গুৰুতৰ বুলি জনাইছে চিকিত্সকে।
আনহাতে মহিলাগৰাকীয়ে কোৱা মতে, প্ৰায়ে তেওঁৰ ওপৰত স্বামীয়ে শাৰীৰিক অত্যাচাৰ চলায়। তেওঁলোকৰ সন্তানৰ মৃত্যুৰ পিছৰ পৰাই স্বামীৰ শাৰীৰিক অত্যাচাৰ সহ্য কৰিবলগীয়া হৈছে দুৰ্ভগীয়া মহিলাগৰাকীয়ে।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|