TikTok ভিডিঅ’ বনাবলৈ ৰাজপথতে জ্বলাই দিলে নিজৰ গাড়ী, গ্ৰেপ্তাৰ কৰিলে আৰক্ষীয়ে

আৰক্ষীয়ে লোকজনক গ্ৰেপ্তাৰ কৰি কেইবাটাও ধাৰাত ৰুজু কৰিছে গোচৰ।

News18-Assam
Updated:September 3, 2019, 11:50 AM IST
TikTok ভিডিঅ’ বনাবলৈ ৰাজপথতে জ্বলাই দিলে নিজৰ গাড়ী, গ্ৰেপ্তাৰ কৰিলে আৰক্ষীয়ে
আৰক্ষীয়ে লোকজনক গ্ৰেপ্তাৰ কৰি কেইবাটাও ধাৰাত ৰুজু কৰিছে গোচৰ।
News18-Assam
Updated: September 3, 2019, 11:50 AM IST
ছচিয়েল মিডিয়া ব্যৱহাৰ কৰা এনেকুৱা কোনো লোক হয়তো নোলাব যিয়ে TikTokৰ বিষয়ে নাজানে। ছচিয়েল মিডিয়াত নিজৰ TikTok ভিডিঅ’ ভাইৰেল কৰাৰ বাবে বহু লোকে সংঘটিত কৰে কেতবোৰ আজৱ কাণ্ড। কোনো যদি ভয়ংকৰ ষ্টাণ্ট কৰি ভিডিঅ’ বনাই, আন কোনোৱে বনায় ধেমেলীয়া ভিডিঅ’। কিন্তু গুজৰাটৰ ৰাজকোটৰ এজন লোক যেন আৰু এখোপ চৰা। TikTok ভিডিঅ’ বনাবলৈ এই লোকজনে জ্বলাই দিলে নিজৰ জীপ গাড়ীখন।

ছচিয়েল মিডিয়াত ভাইৰেল হৈছে এই ভিডিঅ’টো। ভিডিঅ’টোত লোকজনে নিজেই গাড়ীখন জ্বলাই দিয়া দেখা গৈছে। গাড়ীখন জ্বলাই দিয়াৰ পিছতে লোকজনক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।

চাওক ভিডিঅ’ :


ভিডিঅ’টোত ৰাজপথৰ ওপৰতে লোকজনে গাড়ীখন জ্বলাই দিয়া দেখা গৈছে। এই দৃশ্য কেমেৰাত বন্দী কৰিছে আন এজন লোকে। গাড়ী জ্বলাই দিয়া লোকজনৰ নাম ইন্দ্ৰজিৎ সিং জাদেজা বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে লোকজনক গ্ৰেপ্তাৰ কৰি কেইবাটাও ধাৰাত ৰুজু কৰিছে গোচৰ।
NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।

আৰু চাওক পৰৱৰ্তী বাতৰি