চমু চাপিছে উত্তৰ প্ৰদেশৰ বিধানসভা নিৰ্বাচন। যিমানেই নিৰ্বাচন কাষ চাপিছে সিমানেই বাঢ়িছে নেতাৰ মুখ চুপতি।
চমু চাপিছে উত্তৰ প্ৰদেশৰ বিধানসভা নিৰ্বাচন। যিমানেই নিৰ্বাচন কাষ চাপিছে সিমানেই বাঢ়িছে নেতাৰ মুখ চুপতি।
চমু চাপিছে উত্তৰ প্ৰদেশৰ বিধানসভা নিৰ্বাচন। যিমানেই নিৰ্বাচন কাষ চাপিছে সিমানেই বাঢ়িছে নেতাৰ মুখ চুপতি। আকৌ এবাৰ উত্তৰ প্ৰদেশ নিৰ্বাচনত শুনিবলৈ পোৱা গৈছে 'পাকিস্তান'ৰ প্ৰসংগ। ধৰ্মীয় মেৰুকৰণেৰে ভোট বিভাজন কৰাৰ চেষ্টা কৰিছে একাংশ ৰাজনৈতিক দলে। শুকুৰবাৰে সমাজবাদী পাৰ্টীৰ সভাপতি অখিলেশ যাদৱক পাকিস্তানৰ সমৰ্থক তথা জিন্নাৰ উপাসক আখ্যা দিলে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে।
পাকিস্তান আৰু দেশখনৰ প্ৰতিষ্ঠাতা মহম্মদ আলী জিন্নাৰ সম্পৰ্কত সমাজবাদী পাৰ্টীৰ সভাপতিৰ সাম্প্ৰতিক বিবৃতিক সমালোচনা কৰি এই মন্তব্য কৰিছে যোগী আদিত্যনাথে। যোগীয়ে কৈছে যে, 'তেওঁ জিন্নাৰ উপাসক, আমি চৰ্দাৰ পাটেলৰ উপাসক। তেওঁৰ প্ৰিয় পাকিস্তান আৰু আমি ভাৰত মাতাৰ বাবে জীৱন উচৰ্গা কৰিম।' কাৰো নাম নোলোৱাকৈ এনেদৰে টুইট কৰে যোগী আদিত্যনাথে।
অন্য এটা টুইটত মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে, 'যেতিয়া তেওঁলোক ক্ষমতাত আছিল তেতিয়া ৰাম ভক্তৰ ওপৰত গুলী চলোৱা হৈছিল। আমি যেতিয়া ক্ষমতালৈ আহিলো, শ্ৰীৰাম বিৰাজমানৰ সপোন পূৰণ হৈছে। দীপাৱলী উত্তৰপ্ৰদেশৰ পৰিচয়বাহক হৈ উঠিছে।'
যোগীৰ লগতে মন্তব্য, আসন্ন বিধানসভা নিৰ্বাচনত ৮০ বনাম ২০ৰ ৮০ শতাংশ ভোটাৰ বিজেপিৰ সৈতেই আছে। ইয়াৰ পূৰ্বে আদিত্যনাথে অখিলেশ যাদৱৰ দেউতাক মুলায়ম সিং যাদৱক 'আব্বাজান' বুলি উল্লেখ কৰিছিল।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|